Breaking

কি দুঃশ্চিন্তাই খুলি খাইছে বিৰাট কোহলীক?

0 2,049

বিৰাট কোহলীয়ে তেওঁৰ ৫২ সংখ্যক টেষ্ট খেলৰ সময়ত ৫০ গড় অতিক্ৰম কৰিছে। ৪৯ সংখ্যক টেষ্ট মেচখনলৈকে কোহলীৰ এই গড় আজিও বৰ্তমান। এইবাৰ যেন বিৰাট কোহলীৰ ৰান ৰেটক লৈ উদ্বিগ্ন হৈ পৰিছে ক্ৰীড়ানুৰাগী।স্মৰ্তব্য যে, বিৰাটে টি-২০ আৰু টেষ্ট ক্ৰিকেটৰ নেতৃত্ব ইতিমধ্যে এৰিছে। এদিনীয়া ক্ৰিকেটৰ নেতৃত্বৰ পৰাও আঁতৰাই দিয়া হৈছে কোহলীক। ২০১৯ চনত বাংলাদেশ বনাম ভাৰতৰ মাজত অনুষ্ঠিত গুলপীয়া বলৰ টেষ্টৰ পিছত বিৰাটৰ বেটৰ পৰা এতিয়ালৈকে অহা নাই এটাও শতকীয় ইনিংছ। শেহতীয়াকৈ মোহালিত কেৰিয়াৰৰ ১০০ সংখ্যক টেষ্ট মেচো খেলিছে কোহলীয়ে। গুৰুত্বপূৰ্ণ মেচখনত ৪৫ ৰান সংগ্ৰহ কৰিছিল ৰান মেছিনে। এইবাৰ টেষ্ট ক্ৰিকেটত বিৰাটৰ বেটিং গড় ৫০ ৰ তললৈ হ্ৰাস পোৱাৰ সম্ভাৱনাই দেখা দিছে! এতিয়ালৈকে তিনিওটা প্ৰকাৰৰ ক্ৰিকেটত বিৰাটৰ গড় ৫০ ৰ ওপৰত। টি-২০ত বিৰাটৰ গড় ৫১.৫, এদিনীয়া ক্ৰিকেটত তেওঁৰ গড় ৫৮.০৭ আৰু টেষ্ট ক্ৰিকেটত বিৰাটৰ গড় ৫০.৩৫।


ভাৰতৰ পৰৱৰ্তী টেষ্ট মেচখন শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব। খেলখন বেংগালুৰুত অনুষ্ঠিত হ’ব। আন এখন গুলপীয়া বল টেষ্ট। যদি বিৰাট আগন্তুক টেষ্ট মেচত ৪৩ ৰানতকৈ কম ৰানত আউট হয়, তেন্তে তেওঁৰ গড় ৫০ৰ তললৈ হ্ৰাস পাব।প্ৰণিধানযোগ্য যে, টেষ্ট ক্ৰিকেটত অভিষেকৰ পাছত সুনীল গাভাস্কাৰৰ গড় কেতিয়াও ৫০ ৰ তললৈ নামি যোৱা নাছিল। শচীন তেণ্ডুলকাৰ আৰু ৰাহুল দ্ৰাবিড়ে এবাৰ টেষ্টত ৫০ ৰ গড় স্পৰ্শ কৰিছিল আৰু সেয়া ক্ৰিকেট কেৰিয়াৰত কেতিয়াও হ্ৰাস হ’বলৈ দিয়া নাছিল দুই তাৰকাই। প্ৰতিখন খেলতে বিৰাট কোহলীৰ পৰা দীঘলীয়া ইনিংছ আশা কৰে অনুৰাগীয়ে। এতিয়া কোহলীয়ে কেতিয়ালৈ অনুৰাগীৰ এই আশা পূৰণ কৰে সেয়া সময়হে ক’ব!

Leave A Reply