Breaking

পতি-পত্নীৰ মিল থাকিলে কি কৰিব নোৱাৰি , এইবাৰ অত্যাধিক মদ্যপান কৰি পতি -পত্নীয়ে মিলি যুৱকক কৰিলে হত্যা

0 120

বিহালীত নিশা সংঘটিত হ’ল চাঞ্চল্যকৰ হত্যাকাণ্ড, অত্যাধিক মদ্যপান কৰি পতি-পত্নীয়ে মিলি হত্যা কৰিলে ৰাজু গোৱালা নামৰ এজন লোকক।

বিহালীত নিশা সংঘটিত হ’ল এক চাঞ্চল্যকৰ হত্যাকাণ্ড । বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙাগড়ৰ ৩ নং লাইনত সংঘটিত হ’ল এই ঘটনা । অত্যাধিক সুৰাপান কৰি হোৱা কাজিয়াৰ সূত্ৰপাতত এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ স্থানীয় ৰাইজৰ ।

ৰঙাগড় অসম চাহ মজদুৰ সংঘৰ এজন শক্তিশালী নেতা ৰাজু গোৱালাক তেওঁৰ ঘৰৰ কাষতেই আশ্ৰয় দিয়া বাবুল টংলা আৰু সুনীতা বৰাইক নামৰ পতি-পত্নীহালে মিলি হত্যা কৰে । ঘটনা সংক্ৰান্তত বৰগাং আৰক্ষীয়ে অভিযুক্ত হত্যাকাৰী পতী-পত্নী দ্বয়ক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ।

Leave A Reply