Breaking

অভয়াপুৰীত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কি ক’লে

0 81

অভয়াপুৰীত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মা।

“বিকাশৰ বাবে এটা পষেক” কাৰ্য্যসূচীৰ অংশ হিচাপে প্ৰায় ৬৮১ কোটি টকাৰ পেকেজলৈ বঙাইগাঁৱত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মা ।

অভয়াপুৰীৰ বৰঘোলাৰ আই নদীৰ ওপৰত বঙাইগাঁও-বৰপেটা জিলা সংযোগী অৰ্ধনিৰ্মিত ভাবে থকা দলং পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

দলং পৰিদৰ্শন কৰি অৰ্ধনিৰ্মিত দলংৰ কাম সম্পূৰ্ণ কৰিবৰ বাবে অহাকালিৰ পৰাই কাম কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ৷

ইপিনে ঐতিহাসিক ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে ।

ঐতিহাসিক সত্ৰখনৰ ৩৪৯ বিঘা ভূমি বেদখল সন্দৰ্ভত উপায়ুক্তক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

জিলাখনত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহন কৰি সৃজনগ্ৰামৰ ঐতিহাসিক ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰ পৰিদৰ্শন কৰি সত্ৰৰ চৌহদত নাটঘৰ, ছোলাৰ লাইট আৰু অতিথিশালা ৰাজ্য চৰকাৰে নিৰ্মাণ কৰি দিব বুলি ঘোষণা কৰে ৷

লগতে অতিথি শালা নিৰ্মান হোৱাৰ পিছত এদিন নিশা কটাই যাম বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

অভয়াপুৰীৰ পৰা ইনামুল আহমেদৰ প্ৰতিবেদন

Leave A Reply