২৮ এপ্ৰিল,২০২৫ঃ gaurav gogoi । গৌৰৱ গগৈৰ গোপন পাকিস্তান ভ্ৰমণৰ তথ্য সামাজিক মাধ্যমত প্ৰকাশ কৰিলে বিধায়ক দিগন্ত কলিতাই৷ তথ্য অনুসৰি
ভ্ৰমণৰ প্ৰথম দিনটোত গৌৰৱ গগৈয়ে বিয়লি এক বজাত কৰাচী বিমান বন্দৰত অৱতৰণ কৰিছিল আৰু কৰাচী মাৰিয়’ট হোটেলত চেক ইন কৰিছিল৷ দিনটো হোটেলতে বিশ্রাম লৈছিল তেওঁ৷
দ্বিতীয় দিনা ৰাতি পেছ’ৱাৰলৈ যাত্ৰা কৰিছিল৷ তৃতীয় দিনা হু’ণ্ডাইৰ এখন বুলেট প্রুফ গাড়ীত এই যাত্রা যাত্ৰা পথত দুজনকৈ মৌলানাক সাক্ষাৎ কৰিছিল৷বিয়লি তিনি বজাত পেছ’ৱাৰস্থিত লীড পাকিস্তানৰ কাৰ্যালয়ত তেতিয়াৰ প্ৰেয়সী আৰু এতিয়াৰ পত্নী এলিজাবেথক সাক্ষাৎ কৰিছিল৷ তাৰ পিছতে পেছ’ৱাৰৰ পৰা পোনে পোনে পাকিস্তানৰ ৰাজধানী ইছলামাবাদলৈ যাত্ৰা কৰিছিল৷
সন্ধ্যা ইছলামাবাদৰ চেৰেণা হোটেলত পাকিস্তানৰ উচ্চ পদস্থ বিষয়া আলী তাকিৰ শ্বেইখক সাক্ষাৎ আৰু একেলগে নিশাৰ আহাৰ গ্ৰহণ কৰিছিল৷ আলী তাকিৰ শ্বেইখৰ নেতৃত্বত দিনটোত কেইবাখনো গোপন শ্বাস ৰুদ্ধকৰ বৈঠকত অংশগ্রহণ কৰিছিল৷
৫ আৰু ৬ দিনটোত ফাইছল মছজিদৰ এক ধৰ্মীয় অনুষ্ঠানত অংশগ্রহণ কৰিছিল৷ তিনিদিনীয়া কার্যক্রমত নামাজ তথা কালমাৰ প্ৰশিক্ষণ প্ৰদান কৰা কেইবাটাও ধর্মীয় অনুষ্ঠানত অংশগ্রহণ কৰিছিল.
নৱম দিনটোত পাকিস্তানৰ বহু কেইগৰাকী উগ্ৰ ধৰ্মগুৰুৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল৷পাক অধিকৃত কাশ্মীৰৰ নীলাম ভেলীলৈ যাত্ৰা কৰিছিল৷ পত্নীৰ সৈতে এখন টয়’ তাৰ গাড়ীত লীড পাকিস্তানে প্রদান সুৰক্ষা কৰ্মীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজৰে এই পাহাৰীয়া যাত্ৰা৷ নিয়োজিত সুৰক্ষা কৰ্মীসকল এখন এটলাছ গাড়ীত উঠি যোৱাৰ খবৰ পোৱা গৈছিল বুলি তথ্য দিয়া হৈছে৷ভ্ৰমণৰ ১১, ১২ আৰু ১৩ দিনকেইটাত তেওঁ নীলাম ভেলীৰ এখন মাদ্রাছাত পুৱাৰ আহাৰ গ্ৰহণ আৰু পত্নীৰ সৈতে প্রাকৃতিক সৌন্দর্য উপভোগ কৰিছিল৷নীলাম ভেলীৰ পৰা এৰাং কেললৈ যাত্ৰা কৰিছিল৷ চাৰিজনকৈ ধৰ্মীয় নেতাৰ সৈতে সাক্ষাৎ আৰু খবৰ অনুসৰি বিশ্ব ৰাজনীতি সম্পর্কে গোপন আলোচনা কৰিছিল৷ এৰাং কেলত ছাত্ৰ-ছাত্ৰীৰ সৈতে সাক্ষাৎ আৰু বিয়লি ইছলামাবাদলৈ উভতনি যাত্রা কৰিছিল৷ হোটেল লীলি ভিউত আব্দুল বাছিতৰ সৈতে সাক্ষাৎ আৰু বৈদেশিক নীতি সম্পর্কে আলোচনা কৰিছিল৷
ভাৰত পাকিস্তানৰ আভ্যন্তৰীণ কেইবাটাও বিষয়ত প্রায় সাত ঘণ্টাযোৰা ৰুদ্ধধাৰ বৈঠক হৈছিল বুলি দাবী কৰা হৈছে৷
১৪ দিনটোত আব্দুল বাছিত আৰু তিনিজনকৈ বিদেশী ব্যক্তিৰ সৈতে হোটেল ৰাগালীয়াত পৃথকে বৈঠক কৰিছিল৷ সন্ধিয়ালৈ এখন ধর্মীয় সভাত অংশগ্রহণ কৰিছিল৷ ১৫ সংখ্যক দিনটোত লীড পাকিস্তানৰ মুখ্য কাৰ্যালয়ত সৌজন্যমূলক বৈঠক এয়াৰ ব্লু বিমানেৰে পোনে পোনে পাকিস্তান এৰি ডুবাইলৈ যাত্ৰা কৰিছিল৷ বিমানবন্দৰত অন্তিম সাক্ষাৎ কৰিছিল তেতিয়াৰ প্ৰেয়সী এলিজাবেথক৷ সূত্ৰ অনুসৰি আলী তাকিৰ শ্বেইখ আৰু পাকিস্তানী সেনাৰ উচ্চ পদস্থ বিষয়া বিলাৱাল খানৰ সৈতে কৰমৰ্দন কৰি সামৰণি মাৰে বহু চৰ্চিত পাকিস্তান ভ্রমণ৷অৱশ্যে এই তথ্যৰ সত্য-সত্যতা সন্দৰ্ভত গৌৰৱ গগৈয়ে আনুষ্ঠানিকভাবে কোনো কথা প্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই৷
পাকিস্তানত ১৫ দিন কি কৰি কটাইছিল গৌৰৱ গগৈয়ে?সামাজিক মাধ্যমত সৱিশেষ প্ৰকাশ কৰিলে বিধায়ক দিগন্ত কলিতাই ।gaurav gogoi
