Breaking

CAA সন্দৰ্ভত কি ক’লে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই?

0 2,077

গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্যৰ পিছতে CAA বিৰুদ্ধে সৰৱ হৈ পৰিল সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য!

গৃহমন্ত্ৰী অমিত শ্বাহে অতি শীঘ্ৰেই কা বলবৎ কৰিম বুলি মন্তব্য কৰিছিল।তেওঁৰ এই মন্তব্য পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যে।তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে “অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰিব লাগিব, কোনো এখন চৰকাৰে আজিলৈকে অসম চুক্তি ৰূপায়ণ কৰবলৈ সক্ষম নহল।CAAক লৈ আমাৰ যি স্থিতি সেই স্থিতিত আমি অটল থাকিম, অসমত CAA কেতিয়াও বলৱৎ হ’বলৈ দিয়া নহ’ব আৰু CAA ৰ বিৰুদ্ধে যি সংগ্ৰাম সেই সংগ্ৰাম চলিয়ে থাকিব”।এইদৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্যত প্ৰত্যুত্তৰ দিয়ে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

Leave A Reply