Breaking

“কিহৰ আক্ষেপত মানুহে ওঁঠত লগাই লয় একুৰা জুই”

0 99

জীৱনৰ শেষ চিগাৰেটতো…
“কিহৰ আক্ষেপত মানুহে ওঠত লগাই লয় একুৰা জুই”
এটা ইংৰাজী গল্প পঢ়িছিলোঁ। মিষ্টাৰ হোৱাইটৰ এটা বেয়া অভ্যাস আছিল, তেওঁ বহুত বেছি পৰিমানে চিগাৰেট খাইছিল। মিষ্টাৰ হোৱাইটে জানিছিল যে তেওঁৰ নিচা অস্বাস্থ্যকৰ। যাৰ বাবে গোটেই দিনটো কাহ মাৰি থাকে। মিষ্টাৰ হোৱাইট ডাক্তৰৰ ওচৰলৈ গ’ল। তেওঁক ডাক্তৰে এক্স-ৰে কৰিবলৈ ক’লে। এক্স-ৰে কৰাত তেওঁৰ বাওঁ হাওঁফাওঁত টিউমাৰ এটা পাইছিল। মিষ্টাৰ হোৱাইট ভয় খাই ঘৰলৈ গ’ল। তেওঁ লগত থকা চিগাৰেটৰ পেকেটৰ পৰা চিগাৰেটবোৰ পেলাই দিলে, কিন্তু এটা চিগাৰেট নজ্বলোৱাকৈ পকেটত ৰাখিলে। তেওঁ নিজে নিজক প্ৰতিশ্ৰুতি দিলে যে এইটোৱেই হ’ব তেওঁৰ শেষ চিগাৰেট।


কেতিয়াবা কিছুমান বস্তু বা নিজক জীয়াই ৰাখিবলৈ কিছুমান অভ্যাস সলনি কৰিব লগা হয়। এনে এক অভ্যাস ত্যাগ কৰি প্ৰেমক জীয়াই ৰখা কাহিনীও আমাৰ মাজত আছে। যি কাহিনী আমাৰ আদৰ্শ হোৱা উচিত। যেতিয়া প্ৰেয়সী আজীৱন মৌন হৈয়ে প্ৰেমিকক সমৰ্থন কৰি প্ৰেমিকৰ জীৱন সলনি কৰি দিয়ে তেনে প্ৰেমিক-প্ৰেমিকা দুয়োগৰাকীয়ে ভাগ্যৱান। প্ৰেম সৃষ্টিৰ এক অপৰিহাৰ্য অংগ। পৃথিৱীৰ সমস্ত ধৰ্মগ্ৰন্থ আৰু ধৰ্মশাস্ত্ৰই প্ৰেমক আগস্থান দিছে। সকলোৰে জীৱনত প্ৰেম আছে, প্ৰেম হ’ব লাগে এজনে আনজনক জীয়াই ৰখাৰ সাহস। প্ৰেম হ’ব লাগে বেয়া অভ্যাসবোৰ সলনি কৰি জীৱনটো ৰঙীন কৰি তোলাৰ অমোঘ অস্ত্ৰ। “The last cigarette” – ওপৰত উল্লেখ কৰা আটাইবোৰ কথাকে গুৰুত্ব দি নিৰ্মাণ কৰা এখন চুটিছৱি। প্ৰেমিকাৰ কথা শুনি প্ৰেমিকাই বেয়া পোৱা চিগাৰেটটো সদায়ে কামিজত সাঁ‌চি ৰাখি আজীৱন মৌন প্ৰেমিকাৰ সৈতে জীৱন পাৰ কৰা দুহাল প্ৰেমিকৰ কাহিনী The last cigarette.

তাই কোনোদিনে কথা ক’ব নোৱাৰে, প্ৰেমিকাক ভালপাব খোজা প্ৰেমিকৰ কথাবোৰ মৌন হৈ শুনি প্ৰেয়সীৰ মুখত বিৰিঙি উঠিছিল প্ৰেমৰ হাঁ‌হি। প্ৰেয়সীৰ মৌনতা বুজিয়েই, প্ৰেয়সীৰ মৌনতাৰ বাবেই গোটেই জীৱন তেওঁৰেই হৈ ৰ’ল প্ৰেমিক দুয়োগৰাকী। তেওঁৰ এনে কি আছিলে, যাৰ বাবে আপুনি বলিয়া হৈ ৰ’ল…? – মৌনতা… তেওঁৰ মৌনতাৰ বাবেই আজিও মই তেওঁৰেই হৈ আছো…!” মৌনতাৰ প্ৰেমত পৰি প্ৰেম নামৰ অভ্যাসটো জীয়াই ৰাখিবলৈ বাদ দিছিল অন্য কিছু অভ্যাস, ওঠত লগাই লোৱা জুইকুৰা। মৌনতা নুবুজিও বাৰে বাৰে কাষ চাপি, প্ৰেয়সীৰ মৌনতাৰে ভৰা মুখত মিঠা হাঁ‌হি আনিবলৈ চিৰদিনৰ বাবে ধৰিছিল প্ৰেয়সীৰ হাতত। এয়াই এটা চিগাৰেটৰ কাহিনী, যি কামিজৰ জেপত হৈ থাকিল “জীৱনৰ শেষ চিগাৰেট”। তোমাৰ ভালপোৱাৰ হেপাহত, তোমাৰ অভিমানৰ ভয়ত, মই মোৰ কামিজৰ জেপত সংগোপনে কঢ়িয়াই ফুৰিছো, জীৱনৰ এটা হেপাহ, জীৱনৰ এটা উশাহ… The Last Cigarette of My Life”

অসীম কৃষ্ণ বৰুৱা, কমললোচন, স্বাগতা ভৰালী, অৰ্পণা দত্ত চৌধুৰী যুৱ প্ৰজন্মৰ চাৰিগৰাকী প্ৰিয় অভিনেতাই চুটিছৱিখনত কৰা অভিনয় অভিনয় যেন নালাগিল। এনে লাগিল যে আমাৰ চকুৰ সন্মুখত এনে এটা ঘটনা ঘটি আছে আৰু আমি তাক লক্ষ্য কৰি আছোঁ। যাক কোৱা হয় স্বাভাৱিক অভিনয়। যি অভিনয় সকলো অভিনেতাই কৰিব নোৱাৰে। অন্যহাতে সামান্য বস্তু এটাৰ আঁত ধৰি আতীত শইকীয়াই ৰচনা কৰা কাহিনী সঁ‌চাকৈয়ে উৰ্দ্ধত। কাহিনীৰ সংলাপবোৰ যেন এগৰাকী সঁ‌চা প্ৰেমিকৰ হৃদয়ৰ পৰা ওলাই অহা একোটা নিৰ্ভেজাল শব্দ তথা বাক্য। বাকী পৰিচালনাও সুন্দৰ হৈছে বুলি ক’ব পাৰি।

লেখক- জনাৰ্দন তালুকদাৰ

Leave A Reply