Breaking

‘ডাৰ্লিং’ শব্দৰ অৰ্থ কি? কিয় ‘ডাৰ্লিং’ বুলি সম্বোধন কৰিব নোৱাৰিব মহিলাক….

0 43

‘ডাৰ্লিং’ শব্দটোৰ যৌন অৰ্থ আছে, অচিনাকি মানুহক কৰা সম্বোধন অপমানজনক: কলিকতা উচ্চ ন্যায়ালয়।
অচিনাকি মানুহ এজনক ‘ডাৰ্লিং’ বুলি সম্বোধন কৰাটো অপমানজনক বুলি শেহতীয়াকৈ কলিকতা উচ্চ ন্যায়ালয়ে এটা গোচৰত পৰ্যবেক্ষণ কৰিছে। আদালতে লক্ষ্য কৰিলে, ‘ডাৰ্লিং’ শব্দটোৰ যৌন অৰ্থ আছে। গতিকে সেই শব্দটো ব্যৱহাৰ কৰাত সচেতন হোৱাটো প্ৰয়োজনীয়। সেই শব্দ ব্যৱহাৰ কৰাজনকো আদালতে শাস্তি প্ৰদান কৰে।

কলিকতা উচ্চ ন্যায়ালয়ৰ চাৰ্কিট বেঞ্চৰ ন্যায়াধীশ জয় সেনগুপ্তাই এই গোচৰৰ শুনানি গ্ৰহণ কৰে। মূল গোচৰটো হৈছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। অভিযুক্ত যুৱকজনে এগৰাকী লেডী কনিষ্টবলৰ প্ৰতি নেতিবাচক মন্তব্য কৰাৰ অভিযোগ। ২০১৫ চনৰ ২১ অক্টোবৰত কনিষ্টবলজনে নিজৰ ঘৰত তালাচী চলাবলৈ গৈছিল। তেওঁ মহিলাগৰাকীক ক’লে, “কি ডাৰ্লিং, চালান বনাবলৈ আহিছা নে নাই? ” কনিষ্টবলগৰাকীয়ে যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে।


মহিলাগৰাকীৰ প্ৰতি আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত নিম্ন আদালতে যুৱকজনক তিনি মাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। অভিযুক্তই উচ্চ ন্যায়ালয়ত তেওঁৰ বিৰুদ্ধে আবেদন দাখিল কৰে। সেই গোচৰটো প’ৰ্ট ব্লেয়াৰৰ কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সেনগুপ্তাৰ বিচাৰপীঠত উত্থাপন হৈছিল। ন্যায়াধীশ সেনগুপ্তাই পৰ্যবেক্ষণ কৰিলে, যুৱকজনে লেডী কনিষ্টবলগৰাকীক দিয়া মন্তব্য যৌন ইংগিতদায়ক আছিল। যুৱকজন মদ্যপান কৰি আছিল। উৎসৱমুখৰ নিশা আছিল। তেওঁ যি অৰ্থত ‘ডাৰ্লিং’ শব্দটো ব্যৱহাৰ কৰিছিল, সেয়া যিকোনো নাৰীৰ প্ৰতি অসন্মানজনক। ভৱিষ্যতে এই শব্দটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো সাৱধান হ’বলৈ আদালতে কয়।


Leave A Reply