Breaking

কেলচিয়াম লাভৰ বাবে নিৰামিষ খাদ্য গ্ৰহণ কৰা লোকে কি কি খাদ্য খাব লাগে…

0 358

কেলচিয়াম এনেকুৱা এটা পুষ্টিকৰ উপাদান যি আমাক দৈনিক প্ৰয়োজন। আমাৰ শৰীৰ আৰু হাড় মজবুত কৰি ৰাখিবলৈ কেলচিয়ামৰ দৰে গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদানৰ প্ৰয়োজন হয়। কেলচিয়াম লাভৰ বাবে আমি সাধাৰণতে দৈনন্দিন খাদ্যত গাখীৰ, দৈ আৰু পনীৰ দৰে গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰী ব্যৱহাৰ কৰো। কাৰণ এইবোৰ এনে বস্তুৰে সমৃদ্ধ য’ত কেলচিয়াম পোৱা যায়। নিৰামিষ খাদ্য সেৱন কৰা লোকে কেলচিয়ামৰ অভাৱ পূৰণ কৰিবলৈ কি কি খাদ্য সামগ্ৰী ব্যৱহাৰ কৰিব-

আমলখি
আমলখিত বহুতো পুষ্টিকৰ উপাদান পোৱা যায়, লগতে ই কেলচিয়ামৰ সমৃদ্ধ উৎসও। ইয়াত থকা এন্টিঅক্সিডেন্টে শৰীৰক সংক্ৰমণৰ পৰা ৰক্ষা কৰে। লগতে ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কামো কৰে। কেলচিয়াম পাবলৈ আমলখিৰ গুড়ি আৰু ৰস সেৱন কৰিব পাৰে।

জিৰা জিৰা
জিৰা ব্যৱহাৰ কৰিলে আমাৰ খাদ্যৰ সোৱাদ বাঢ়ে, ই ঔষধি গুণেৰেও ভৰপূৰ। নিয়মীয়াকৈ এই মছলা ব্যৱহাৰ কৰিলে শৰীৰত কেলচিয়ামৰ অভাৱ নহয়।

সাধাৰণতে শীতকালত তিল বেছিকৈ খোৱা হয় কাৰণ ইয়াৰ প্ৰভাৱ উষ্ণ হয়, ইয়াত কেলচিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায়। এক চামুচ তিলত প্ৰায় ৮৮ মিলিগ্ৰাম কেলচিয়াম পোৱা যায়। তিল বহু ধৰণেৰে খাব পাৰি।

Leave A Reply