কলেষ্টেৰল হ্ৰাস কৰিবলৈ কি কি খাদ্য খাব আৰু কি কি খাদ্য পৰিহাৰ কৰিব…

আপোনাৰ খাদ্যই আপোনাৰ কলেষ্টেৰলৰ মাত্ৰাত অধিক প্ৰভাৱ পেলায়। আজি আমি আপোনালোকক জনাম কোনবোৰ খাদ্যই কলেষ্টেৰল বৃদ্ধি কৰে। কলেষ্টেৰল শৰীৰৰ বাবে অতি প্ৰয়োজনীয় চৰ্বি, কিন্তু ইয়াৰ অতিৰিক্ত পৰিমাণ আমাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। কলেষ্টেৰল কেনেকৈ হ্ৰাস কৰিব পাৰি জানি লওক বিষয়ে-

ভজা খাদ্য: ভজা খাদ্য, যেনে ফ্ৰেঞ্চ ফ্ৰাই, ফ্ৰিটাৰ, আৰু চিঙৰাত ট্ৰেন্স ফেট থাকে । যিয়ে “বেয়া” কলেষ্টেৰল বৃদ্ধি কৰে।

চৰ্বিযুক্ত দুগ্ধজাত সামগ্ৰী: মাখন, ক্ৰীম, আৰু সম্পূৰ্ণ চৰ্বিযুক্ত গাখীৰৰ সামগ্ৰী যেনে পনিৰ আদিয়ে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে।

ৰঙা মাংসঃ সংপৃক্ত চৰ্বি আৰু কলেষ্টেৰলৰ পৰিমাণ বেছি থকা মাংস আৰু গাহৰিৰ মাংস কলেষ্টেৰল বৃদ্ধিৰ মূল কাৰণ হ’ব পাৰে।

মিঠাই: কেক, কুকিজ, পেষ্ট্ৰি আৰু অন্যান্য মিঠাইত ট্ৰেন্স ফেট আৰু চেনি থাকে যিয়ে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে।

মদ্যপানঃ মদ বেছিকৈ সেৱন কৰিলেও কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পাব পাৰে।

উচ্চ কলেষ্টেৰল হ্ৰাস কৰাৰ ৫টা ঘৰুৱা উপায় জানি লওক-

গ্ৰীণ টি: গ্ৰীণ টিত বহুতো এন্টিঅক্সিডেন্ট থাকে যিয়ে কলেষ্টেৰল কমোৱাত সহায় কৰে। দিনটোত ২-৩ কাপ গ্ৰীণ টি সেৱন কৰিলে কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস পাব পাৰে।

হালধিঃ এল ডি এল কলেষ্টেৰল হ্ৰাস কৰাত হালধি সহায়ক। ইয়াক আপোনাৰ খাদ্য তালিকাত হালধি যোগ কৰক।

আলমণ্ড আৰু আখৰোটঃ আলমণ্ড আৰু আখৰোটত ভাল পৰিমাণৰ আঁহ আৰু ওমেগা-৩ ফেটি এচিড থাকে। যিয়ে কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে।

ওটচঃ অটচত দ্ৰৱণীয় আঁহ থাকে যিয়ে কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। ব্ৰেকফাষ্টত ওটছ সেৱন কৰক।

ফল-মূলঃ ফলমূল আৰু শাক-পাচলি, বিশেষকৈ যিবোৰত দ্ৰৱণীয় আঁহ থাকে, যেনে আপেল, নাচপতি, বিলাহী আৰু ভীমকল আদিয়ে কলেষ্টেৰল কমোৱাত সহায় কৰে।

মনত ৰাখিব, ওপৰৰ প্ৰতিকাৰসমূহ নিয়মিতভাৱে পালন কৰা আৰু কলেষ্টেৰলৰ মাত্ৰা কমোৱাৰ বাবে সুস্থ জীৱনশৈলী পালন কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ।



Related Articles