Breaking

পৰীক্ষাৰ সময়ত শিশুৰ খাদ্য তালিকাত কি কি খাদ্য ৰাখিব…

0 114

পৰীক্ষাৰ সময়ত শিশুৰ খাদ্যাভ্যাস ভাল কৰি ৰাখিব। কিছুমান বিশেষ খাদ্য শিশুৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। মগজুৱে আমাৰ সমগ্ৰ শৰীৰ নিয়ন্ত্ৰণ কৰে, যদি মনটো সুস্থ নহয়, তেন্তে আমাৰ ক্ষমতাও কমিবলৈ আৰম্ভ কৰে। যদি আপোনাৰ খাদ্যাভ্যাস শুদ্ধ হয়, তেন্তে মগজুও দ্ৰুতগতিত গতি কৰে আৰু ইয়াৰ ক্ষমতাও বৃদ্ধি পায়।
কি কি খাদ্য খালে আপোনাৰ মগজুৱে দ্ৰুত গতিত কাম কৰিব জানক-


স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে যদি আপোনাৰ শিশুৰ মগজু তীক্ষ্ণ কৰিব বিচাৈৰে তেন্তে ষ্ট্ৰবেৰী, জামু, আদি ফল খাবলৈ দিব।

যদি আপোনাৰ শিশুৱে চকলেট খাবলৈ ভাল পায় তেন্তে ডাৰ্ক চকলেট খাবলৈ দিব। ইয়াৰ ফলত মগজু চোকা হোৱাৰ সম্বাৱনা। ডাৰ্ক চকলেটত কেফেইন আৰু ফ্লেভনয়ডকে ধৰি বহু ধৰণৰ এন্টিঅক্সিডেন্ট পোৱা যায়। ফ্লেভন’ইডে আপোনাৰ শিক্ষণ আৰু স্মৃতিশক্তি বৃদ্ধি কৰে। এক গৱেষণাৰ মতে ডাৰ্ক চকলেট খালে বৌদ্ধিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ক্ষমতাও বৃদ্ধি পায়।

মগজু চোকা কৰাত আলমণ্ড বহুত ফলপ্ৰসূ। বহু গৱেষণাত দেখা গৈছে যে ই মগজু আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ক্ষেত্ৰত আলমণ্ড অতি উপকাৰী। এক গৱেষণাত কোৱা হৈছে যে ভিটামিন ই, এন্টিঅক্সিডেন্ট আলমণ্ডত পোৱা যায়, যাৰ ফলত মগজু সুস্থ আৰু স্মৃতিশক্তি চোকা হয়।

হালধী ব্যৱহাৰ কৰিলে বহু ধৰণৰ ৰোগ নিৰাময় কৰিব পাৰি। আয়ুৰ্বেদতো ইয়াৰ বহু গুণৰ বৰ্ণনা কৰা হৈছে। কিন্তু আপুনি জানেনে যে হালধীয়েও আইনষ্টাইনৰ দৰে মগজু বনাব পাৰে। গাখীৰৰ সৈতে হালধী ৰস খোৱাব, এই ৰস কেৱল সিশুৰ বাবেই নহয় জেষ্ঠলোকেও খাব পাৰে।

গতিকে পৰীক্ষা আগত শিশুৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এইধৰণৰ খাদ্যবিলাক….

Leave A Reply