Breaking

চাহত তেজপাত দি খালে কি কি উপকাৰ হয়-পঢ়ক

0 10,424

প্ৰত্যেক মানুহৰ পাকঘৰত পোৱা এবিধ সামগ্ৰী হৈছে তেজপাত। বিভিন্ন ব্যঞ্জনত ব্যৱহাৰ হোৱাৰ উপৰিও চাহৰ লগতো ব্যৱহৃত হয় এই তেজপাত। মূলতঃ চাহৰ সোৱাদ আৰু সুগন্ধৰ বাবে চাহত কেতিয়াবা তেজপাত উতলাই খোৱা হয়।

বহুতো লোকে সোৱাদ তথা সুগন্ধৰ বাবে তেজপাত দিয়া চাহ খাই যদিও এনে চাহৰ স্বাস্থ্য ক্ষেত্ৰটো বহুতো উপকাৰিতা আছে। এই যাদুকৰী পাতত আছে কপাৰ, আয়ৰণ, জিংক, মেংগানিজ , মেগনেছিয়াম , পটাচিয়াম আৰু কেলচিয়ামৰ দৰে না না উপকাৰী উপাদান। ইয়াৰ উপৰিও তেজপাতত ভিটামিন চি, ভিটামিন এ আৰু ফলিক এচিডো পোৱা যায়।

তেজপাতৰ স্বাস্থ্য ক্ষেত্ৰত কিছুমান বিশেষ উপকাৰিতা হৈছে-

  • তেজপাতত থকা উপাদানে আৰ্থাৰাইটিছৰ ব্যাথা কম কৰাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগায়।
  • বতৰ সলনি হোৱাৰ এই সময়চোৱাত অনেকেই ঠাণ্ডা নামি অহাৰ ফলত বিভিন্ন সমস্যাত ভোগে। তেজপাতত থকা এন্টি-বেক্টেৰিয়েল গুণে শৰীৰটোক ঠাণ্ডা লগাৰ পৰা ৰক্ষা কৰে। লগতে শৰীৰক চৰ্দি, কাহ হ’ব পৰা বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰাও শৰীৰটোক সুৰক্ষিত কৰি ৰাখে।
  • তেজপাতত থকা এন্টিঅক্সিডেন্টে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰাখে। ফলত মধুমেহ ৰোগীৰ ক্ষেত্ৰত এই চাহ বিশেষভাৱে উপকাৰী।
  • উচ্চ ৰক্তচাপ হ্ৰাস কৰা তথা শৰীৰৰ অপকাৰী কলেষ্টেৰল দূৰ কৰাৰ ক্ষেত্ৰটো তেজপাত দিয়া চাহ অতি উপকাৰী।
  • তেজপাতৰ চাহে হজমক্ষমতা বৃদ্ধি কৰে। বদহজমৰ সমস্যাত ভোগা লোকসকলে এনে চাহ খালে যথেষ্ট সকাহ লাভ কৰিব পাৰে।
  • তেজপাত দিয়া চাহ তৈয়াৰ কৰিবলৈ হ’লে পানীত তেজপাত আৰু চাহপাত একেলগে দি উতলাই ঠাণ্ডা কৰি অথবা গৰমে গৰমেও সেৱন কৰিব পাৰি। আনহাতে গাখীৰ দিয়া চাহৰ লগতো তেজপাত মিহলাই খাব পৰা যায়।
Leave A Reply