Breaking

পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুলপাহৰ নাম কি?

0 1,979

ৰাফ্লেছিয়া” হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুল। এই ফুলবিধ সাধাৰণতে দুৰ্লভ প্ৰজাতিৰ , ইণ্ডোনেছিয়া আৰু মালয়েছিয়াত পোৱা যায়। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় ফুল হিচাপেও এইফুল বিধক মৰ্যদা দিছে। ৰাফ্লেছিয়া হৈছে এবিধ পৰাশ্ৰয়ী ফুল, পোষক উদ্ভিদ জোপাৰ পৰা পানী আৰু পুষ্টি আহৰণ কৰে। আৰু ইয়াৰ ডাল,পাত আৰু শিপা দেখা পোৱা নাযায়। ৰাফ্লেছিয়া হৈছে এবিধ একলিংগী ফুল। ইয়াৰ বৰণ সাধাৰণতে ৰঙচুৱা, এইফুল পাহ তিনিফুট পৰ্যন্ত বৃদ্ধি হোৱা দেখা যায়। এই ফুলপাহ ফুলাৰ সময়ত ,ফুলপাহৰ পৰা এক দুৰ্গন্ধ ওলায় আৰু যিটোৱে পৰাগযোগৰ বাবে কীট- পতঙ্গ বোৰক আকৰ্ষিত কৰে।

ৰাফ্লেছিয়া, ১৮০০ শতিকাত ষ্টামফৰ্ড ৰাফ্লেছ আৱিষ্কাৰ কৰিছিল আৰু ই ৰাফ্লেছিয়েচি গোত্ৰৰ অন্তৰ্গত আৰু  ২৫ -২৮  প্ৰকাৰৰ প্ৰজাতি পোৱা যায়। কলি অৱস্থাত ৰাফ্লেছিয়া দেখাত বন্ধা কবিৰ নিচিনা আৰু ইয়াক সাধাৰণতে জ্বৰ আৰু ছালৰ ৰোগ নিয়াময়ৰ বাবে ব্যৱহাৰ কৰা হয়।

Leave A Reply