Breaking

শৰীৰত কি ভিটামিনৰ অভাৱ হ’লে চুলি পকে? জানেনে এই বিষয়ে…

0 345

চুলি পকা সমস্যাটো সকলোৰে। আজিকালি কম বয়সৰ মানুহৰো চুলি পকে। চুলি পকা সমস্যাৰ পৰা হাত সাৰিবলৈ আপুনি দৈনন্দিন খাদ্যাভ্যাস সলনি কৰিব লাগিব। কিয়নো স্বাস্থ্যকৰ খাদ্যৰ পৰা চুলিয়ে পুষ্টি লাভ কৰে। এনে পৰিস্থিতিত আপুনি সেই সমূহ খাদ্য খাব লাগিব য’ত প্ৰচুৰ পৰিমাণে ভিটামিন বি থাকে। শৰীৰত ভিটামিন বিৰ অভাৱ হ’বলৈ নিদিব। আমাৰ শৰীৰত ভিটামিন বিৰ অভাৱ হোৱাৰ লগে লগে ইয়াৰ সতৰ্কবাণী চিন চুলিৰ মাজেৰে দেখা যায়, ইয়াৰ ভিতৰত চুলি সৰা সমস্যা আৰু চুলি শুকান হোৱা আদিও অন্তৰ্ভুক্ত। দৈনন্দিন খাদ্যত ভিটামিন বি থকা বস্তু আছে নে নাই সেই বিষয়ে গুৰুত্ব দিব লাগে। পকা চুলিক কিদৰে স্বাভাৱিকতে কৰি তুলিব? যদি আপোনাৰ খাদ্যাভ্যাস সঠিক সময়ত সলনি নহয় তেন্তে চুলিৰ বহু ক্ষতি হোৱাৰ সম্ভাৱনা। ইয়াৰ বাবে আপুনি দুগ্ধজাত সামগ্ৰী খাব পাৰে য’ত ভিটামিন বি প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ লগতে এনেবোৰ বস্তুও সেৱন কৰক য’ত ভিটামিন বি ৬ আৰু ভিটামিন বি ১২ও বিশেষভাৱে থাকে।

এই খাদ্যসমূহৰ পৰা ভিটামিন বি পোৱা যায়-

-মচুৰ দাইল
-বাদাম
-গাখীৰ
-দৈ
-চীজ
-কণী
সেউজীয়া পাতৰ পাচলি
-ঘেঁহু
-কাঠফুলা
-মটৰ
-সূৰ্য্যমুখীৰ গুটি

  • এভোকেডো
    -মাছ
    -মাংস
    -মিঠা আলু
    সৰিয়হ
    -আলু
    -পালেং শাক
    -কল
    -বীন
    -ব্ৰকলি

যদি আপোনাৰ পকা চুলিৰ সমস্যা আছে নাইবা চুলি সৰা, চুলি শুকান হোৱাৰ সমস্যা আছে তেন্তে এই সমূহ খাদ্য খোৱাৰ আৰম্ভ কৰক।

Leave A Reply