Breaking

তাজমহলৰ পৌৰাণিক নাম কি আছিল? ৯৯ শতাংশ লোকে নাজানে এই বিষয়ে…

0 310

তাজমহলৰ পৌৰাণিক নাম কি আছিল? ৯৯ শতাংশ লোকে নাজানে এই বিষয়ে, আপুনি জানেনে? তাজমহল বিশ্বৰ অন্যতম ধুনীয়া অট্টালিকা। এই অট্টালিকা চাবলৈ বহু পৰ্যটক আহে। কিন্তু ইয়াৰ লগত জড়িত বহু তথ্যৰ বিষয়ে মানুহে এতিয়াও নাজানে। শ্বাহজাহানে পত্নী মমতাজৰ স্মৃতিত এই সুন্দৰ অট্টালিকাটো নিৰ্মাণ কৰিছিল। আগতে তাজমহলৰ নামটো বেলেগ আছিল, যিটো কমসংখ্যক লোকেহে জানে। যেতিয়া মমতাজক সমাধিস্থলত সমাধিস্থ কৰা হৈছিল, তেতিয়া মোগল সম্ৰাট শ্বাহজাহানে এই ভৱনটোৰ নাম ৰাখিছিল ‘ৰৌজা-ই-মুনাভৰা’। কিন্তু কিছুদিনৰ পিছত ইয়াৰ নাম সলনি কৰি তাজমহল কৰা হয়। এই অট্টালিকাটো বগা মাৰ্বলৰ। ৩২ নিযুত অৰ্থাৎ ৩.২ কোটি টকা ব্যয়ৰে নিৰ্মান কৰা হয় অট্টালিকাটো। বৰ্তমান এই সমাধিক্ষেত্ৰখন অতি বিখ্যাত আৰু ইয়াৰ বিষয়ে সমগ্ৰ বিশ্বতে চৰ্চা হয়।

ইতিহাস অনুসৰি তাজমহল নিৰ্মাণৰ বাবে ২৮টা ভিন্ন প্ৰকাৰৰ শিল ব্যৱহাৰ কৰা হৈছে। এই বাবেই ইমান বছৰৰ পাছতো এই সমাধিস্থল একেই আছে। তাজমহল নিৰ্মাণৰ বাবে ২০ হাজাৰৰো অধিক শ্ৰমিক নিয়োগ কৰা হৈছিল। তাজমহল নিৰ্মাণৰ সময়ত শ্বাহজাহানে ইয়াৰ শিখৰত ৪০ হাজাৰ তোলা সোণেৰে নিৰ্মিত এটা কলহ ৰাখিছিল। যাৰ দৈৰ্ঘ্য আছিল ৩০ ফুট ৬ ইঞ্চি।

Leave A Reply