Breaking

সন্তান জন্ম হোৱাৰ পাছত নামাকৰণৰ সময়ত হুলস্থুল কৰি কি লাভঃ মুখ্যমন্ত্ৰী

0 12

পুৱাই বটদ্ৰৱা নিৰ্মীয়মান প্ৰকল্প পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ সন্তান জন্ম হোৱাৰ পাছত নামাকৰণ সময়ত হুলস্থুল কৰিলে কি লাভ হ’ব? আন্দোলন হ’ব লাগিছিল আইন পাছ হোৱাৰ সময়ত। এতিয়া কা বলবৎ হ’বৰ সময়ত আন্দোলন কৰিলে কি লাভ হ’ব। কা আন্দোলনত আৰু নতুন মুখ কেতিয়াও দেখা নাপায়, ময়ো নতুন মুখ সুমাবলৈ নিদিওঁ। বটদ্ৰৱা নিৰ্মীয়মান প্ৰকল্প পৰিদৰ্শন কৰাৰ পাছত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এইদৰে কা সন্দৰ্ভত মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷

বটদ্ৰৱা প্ৰকল্পৰ কাম ৮০ শতাংশ সম্পূৰ্ণ হৈছে। চৰকাৰৰ তৃতীয় বৰ্ষপুৰ্তি তথা ১০ মেৰ পূৰ্বে মুকলি হ’ব বটদ্ৰৱা প্ৰকল্প। পুৱা হেলিকপ্টাৰেৰে বটদ্ৰৱা প্ৰকল্পত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। উপস্থিত হৈ নিৰ্মিয়মান প্ৰকল্প পৰিদৰ্শন কৰি সাংবাদিকৰ সন্মুখত প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।

Leave A Reply