Breaking

হোৱাটছএপৰ ডাঙৰ আপডেট: নতুন বৈশিষ্ট্যৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে প্লেটফৰ্মত অৰিজিনেল, উচ্চমানৰ ফটো প্ৰেৰণ কৰিব পাৰিব

0 45

হোৱাটছএপ হৈছে বিশ্বৰ এক জনপ্ৰিয় যোগাযোগৰ আহিলা যাৰ ভাৰতীয় ব্যৱহাৰকাৰী ৪০ কোটিৰো অধিক। কিন্তু প্লেটফৰ্মত ফটো প্ৰেৰণ কৰাৰ সময়ত ব্যৱহাৰকাৰীয়ে সমস্যাৰ সন্মুখীন হয় কাৰণ ইয়াৰ ফলত গুণগত মান হ্ৰাস পায়। সেয়েহে তেওঁলোকে উচ্চমানৰ আৰু মৌলিক ফটো প্ৰেৰণ কৰিবলৈ অন্য এপৰ আশ্ৰয় লয়। কিন্তু একাংশ খবৰ অনুসৰি হোৱাটছএপে প্লেটফৰ্মত ইজনে সিজনক ফটো প্ৰেৰণ কৰাৰ ক্ষমতাৰ ওপৰত কাম কৰি আছে উচ্চমানৰ আৰু অৰিজিনেল ফৰ্মেটত।

ব্যৱহাৰকাৰীয়ে অৰিজিনেল মানৰ ফটো প্ৰেৰণ কৰিব


ৱাবেটাইনফ’ৰ এক প্ৰতিবেদন অনুসৰি হোৱাটছএপে শেহতীয়া বিটা এণ্ড্ৰইড আপডেটত নিৰ্বাচিত কিছুমান ব্যৱহাৰকাৰীক প্লেটফৰ্মত ফটো প্ৰেৰণ কৰাৰ পূৰ্বে ফটোসমূহৰ মানদণ্ড বাছি ল’বলৈ অনুমতি দিছে। এই বৈশিষ্ট্যৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে উচ্চ ৰিজ’লিউচন বা অৰিজিনেল মানৰ ফটো প্ৰেৰণ কৰিব পাৰিব।

এতিয়া শেহতীয়াকৈ বিটা সংস্কৰণত হোৱাটছএপৰ ওপৰত Settings বুটাম আছে, টেপ কৰিলে ফটোৰ মানদণ্ড নিৰ্বাচন কৰিব পাৰিব। তাৰ পিছত এই বৈশিষ্ট্যই আপোনাক অৰিজিনেল মানৰ ফটো প্ৰেৰণ কৰিবলৈ দিব।

এই নতুন বৈশিষ্ট্যই হোৱাটছএপক টেলিগ্ৰামৰ সৈতেও প্ৰতিযোগিতাত অৱতীৰ্ণ কৰিব যিহেতু ইয়াত আন কেইবাটাও উপযোগী বৈশিষ্ট্য আছে।

হোৱাটছএপে কেতিয়া এই বৈশিষ্ট্য জনসাধাৰণৰ মাজলৈ আনিব সেয়া স্পষ্ট নহয়। কিন্তু যিহেতু ইয়াক বিটা সংস্কৰণত দেখা গৈছিল গতিকে কেইমাহমানৰ পিছত ই আহিব বুলি আশা কৰক।

ব্যৱহাৰকাৰীয়ে অতি সোনকালে Voice status প্ৰেৰণ কৰিব পাৰিব


ষ্টেটাছ আপডেটৰ জৰিয়তে ব্যৱহাৰকাৰীসকলক ভইচ নোট শ্বেয়াৰ কৰাৰ ক্ষমতাও প্ৰদানৰ বাবেও কাম কৰি আছে হোৱাটছএপে। প্ৰথম অৱস্থাত এই ক্ষমতা কেৱল বিটা পৰীক্ষককহে দিয়া হ’ব যিয়ে নিজৰ এপ আপডেট কৰিব। কিন্তু পিছত ইয়াক বিশ্বব্যাপী সকলো ব্যৱহাৰকাৰীৰ বাবে মুকলি কৰা হ’ব।

প্ৰতিবেদন অনুসৰি এই বৈশিষ্ট্যৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে মাইক্ৰ’ফোন আইকনত টেপ কৰি নিজৰ ষ্টেটাছ ৰেকৰ্ড কৰিব পাৰিব আৰু তাৰ পিছত ষ্টেটাছ বাৰত ৰাখিব পাৰিব। ই সাধাৰণ লিখনী বা ছবিৰ অৱস্থাৰ সৈতে একে হ’ব।

Leave A Reply