when people die মানুহ মৰিলে আমি কিয় ৩ দিন লঘোণে থাকো আৰু কিয় ৯/১০ দিনলৈ আমি নিৰামিষ খাওঁ? মানুহ এজন জীৱিত হৈ থাকিলে তেজৰ উত্তাপত সেই বেক্টেৰিয়াবোৰ নিয়ন্ত্ৰণত থাকে। কিন্তু মানুহজন মৰাৰ লগে লগে সক্ৰিয় হৈ নিমিষতে মৃতকৰ শৰীৰত নিজৰ বংশবৃদ্ধি কৰি লয়।মৃতকৰ শৰীৰটো ঘৰত থকাৰ সময়ত সেই সক্ৰিয় বেক্টেৰিয়া ওচৰে পাজৰে থকা পৰিয়ালৰ মানুহৰ শৰীৰলৈ আহি যায়। নাক, মুখ আদিৰে সেই বেক্টেৰিয়া শৰীৰত প্ৰৱেশ কৰে।সেই বেক্টেৰিয়াৰ দ্বাৰা প্ৰথমে জীৱিত মানুহৰ শৰীৰত বসন্ত ৰোগৰ সৃষ্টি কৰে আৰু পিছলৈ গৈ কুষ্ঠ আদি ৰোগও হব পাৰে।গতিকে মানুহ মৰিলে আমি ৩ দিন লঘোণে থাকো we eat vegetarians for 9-10 days ৯/১০ দিনলৈ আমি নিৰামিষ খাওঁ
when people die মানুহ বা যিকোনো জীৱ-জন্তু মৰিলে পঞ্চভূতত বিলীন হয়। উৎপত্তিও পঞ্চভূতৰ পৰাই হয়। আকাশ, বায়ু, পানী, পৃথিৱী আৰু অগ্নি।এজন মানুহ মৰাৰ পিছত ওপৰৰ যিকোনো এটা মহাভূতক মাধ্যম হিচাপে লৈ মানুহৰ শৰীৰটো পঞ্চ মহাভূতত বিলীন হব পাৰে।উদাহৰণ স্বৰূপে, হিন্দু এজন মৰিলে অগ্নিক মাধ্যম হিচাবে, মুছলমান এজন মৰিলে পৃথিৱীক মাধ্যম হিচাবে আৰু তিব্বতৰ বৌদ্ধসকলে আকাশক মাধ্যম হিচাবে গ্ৰহণ কৰে। মৃতকৰ শৰীৰ টুকুৰা টুকুৰকৈ কাটি তেওঁলোকে ওখ ঠাইত শগুণে খাবলৈ থৈ দিয়ে। শগুণে খালে আকাশ মহাভূতক মাধ্যম হিচাবে লোৱা বুলি বিশ্বাস কৰে।বহুতো সাগৰৰ পাৰৰ সৰু সৰু ঠাইত পানীত পেলাই দিয়ে মৃতকৰ শৰীৰটো। এইদৰে সনাতন পৰম্পৰাত মৰাৰ পিছত মৃতকৰ শৰীৰটো পঞ্চ মহাভূতক বিলীন হয়।পথৰ কাষত আমি কেতিয়াবা মৰা জীৱ-জন্তু দেখা পাওঁ। সেইবোৰ মৰাৰ পিছত শৰীৰটো ফুলি বেলুনৰ দৰে হয় প্ৰথম কেইদিনমান। তাৰ পিছত লাহে লাহে সৰু হৈ পঞ্চ মহাভূতৰ এটা ‘বায়ু’ সম্পূৰ্ণ ওলাই গৈ পচিব ধৰে। প্ৰথমে বেক্টেৰিয়া হৈ পিছত পোক হয় আৰু সেই পোকে বাকীখিনি প্ৰকৃতিৰ লগত মিলাই দিয়ে।মানুহৰ শৰীৰত কিছুমান এনে বেক্টেৰিয়া থাকে যিবোৰে মানুহৰ শৰীৰটো মৰাৰ পিছত পচি গৈ পঞ্চভূতত বিলীন হোৱাত সহায় কৰে। মানুহ এজন জীৱিত হৈ থাকিলে তেজৰ উত্তাপত সেই বেক্টেৰিয়াবোৰ নিয়ন্ত্ৰণত থাকে। কিন্তু মানুহজন মৰাৰ লগে লগে সক্ৰিয় হৈ নিমিষতে মৃতকৰ শৰীৰত নিজৰ বংশবৃদ্ধি কৰি লয়।মৃতকৰ শৰীৰটো ঘৰত থকাৰ সময়ত সেই সক্ৰিয় বেক্টেৰিয়া ওচৰে পাজৰে থকা পৰিয়ালৰ মানুহৰ শৰীৰলৈ আহি যায়। নাক, মুখ আদিৰে সেই বেক্টেৰিয়া শৰীৰত প্ৰৱেশ কৰে।সেই বেক্টেৰিয়া সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবেই মৃতকৰ শৰীৰটো ঘৰৰ বাহিৰলৈ উলিয়াই আনি তুলসীৰ গছৰ তলত থোৱা হয়। পিছত মৃতকৰ শৰীৰ গাঁওৰ মানুহে শ্মশানলৈ নিবলৈ দৌৰা দৌৰি কৰে, কাৰণ যিমান বেছি সময় থাকিব, সিমানেই মৃতকৰ শৰীৰটোৱে বেক্টেৰিয়া বিয়পাই দিয়ে। সেই বেক্টেৰিয়াৰ দ্বাৰা প্ৰথমে জীৱিত মানুহৰ শৰীৰত Spring causes disease and goes back and forth বসন্ত ৰোগৰ সৃষ্টি কৰে আৰু পিছলৈ গৈ কুষ্ঠ আদি ৰোগও হব পাৰে।জীৱিত মানুহৰ শৰীৰত তেজৰ উত্তাপত নিয়ন্ত্ৰণত থাকে যদিও বেছিকৈ হলে নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ যায়।পিছত শ্মশানত গৈ জ্বলাই ঘৰ আহি শ্মশানলৈ যোৱা কেইজনে ঘৰ আহি আকৌ নিজৰ শৰীৰ বিৰিণা বন জ্বলাই সেকিব লাগে। যিটো কৰিলে শৰীৰৰ বাহিৰত আক্ৰমণ কৰা বেক্টেৰিয়া নাশ হয়।বিৰিণা বন জ্বলালে ছালৰ বেছি লোকচান নহয়, ছালত ছিদ্ৰত সোমাই যোৱা বেক্টেৰিয়াক ভিতৰলৈ তাপ দি ধ্বংস কৰে।যিখিনি ঘৰৰ মানুহ মৃতকৰ শৰীৰৰ ওচৰত আছিল সেই সকলোৱে কমছে কম ৩ দিন উপবাসে থকাটো দৰকাৰ। ৩ দিন উপবাসে থাকিলে যি বেক্টেৰিয়া মুখ আৰু নাকেৰে গৈছে, সেইবোৰ বেছি ভিতৰলৈ যাব নোৱাৰে আৰু মুখৰ উত্তাপত ৩ দিনত ধ্বংস হয়।৩ দিনৰ পিছত নিৰামিষ আহাৰৰ লগত ঘিউ খোৱাটো অত্যন্ত আৱশ্যক । মৃতকৰ শৰীৰত সেই বেক্টেৰিয়া বেছি সক্ৰিয় হয়, সেই সময়ত মৰা জীৱ-জন্তু বা মাছ আদি পেটত পৰিলে বেছিকৈ বংশ বৃদ্ধি কৰি খোৱাজনক মাৰি পেলাব পাৰে।ঘিউ জ্বলনশীল হোৱা বাবে পেটৰ জঠৰঅগ্নি তীব্ৰ কৰি সেই বেক্টেৰিয়া সম্পূৰ্ণ ধ্বংস হোৱাত সহায় কৰে।৯ দিনত গোটেই শৰীৰ শুদ্ধি হয় আৰু তাৰ পিছতেই বাকী শ্ৰাদ্ধ বা দহা আদিৰ কাম কৰিব পাৰে।এইয়াই হৈছে ইয়াৰ আঁৰৰ বিজ্ঞান।হিন্দু, মুছলমান, শিখ, বৌদ্ধ, জৈন আদি বুলি নিজকে পৰিচয় দিওঁ।আচলতে আমি পূৰ্বপুৰুষক সলনি কৰিব নোৱাৰো। আমি কেৱল উপাসনা কৰা নিয়মবোৰ হে সলনি কৰিব পাৰো। উপাসনাৰ পথ ভিন্ন হলেও আমি সকলো একেই পৰম্পৰাৰ মানুহ।যদি সঁচাই ধৰ্মত বিশ্বাস কৰো আৰু যদি সঁচাই ভগৱানক বিশ্বাস কৰো, তেন্তে আমি মানিব লাগিব।
অধিক খৱৰ বাবে পঢ়ক AAP to fight electionsকেজৰিৱাল আৰু ধানোৱাৰৰ নেতৃত্বত নিৰ্বাচনত যুঁজ দিব আপে – ৰাজেশ শৰ্মা

