Breaking

সোমবাৰে অমিত শ্বাহে ক’ত কি কৰিলে? অসমত নতুনকৈ কি দিলে?

0 2,079

দুদিনীয়া অসম ভ্ৰমণলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰাৰ উপৰিও তামুলপুৰ আৰু আমিনগাঁৱত তিনিটাকৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছতে গুৱাহাটীস্থিত জি এম চি এইছত নৱ নিৰ্মিত ছুপাৰ স্পেচিয়েলিটি হাস্পতালখন শুভ উদ্বোধন কৰে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, জি এম চি এইছত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কৃষিমন্ত্ৰী অতুল বৰা, লোকনিৰ্মাণ মন্ত্ৰী অজন্তা নেওগ, শিক্ষামন্ত্ৰী ৰণোজ পেগু, বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, ইউ জি ব্ৰহ্ম, অশোক সিংঘাল, বিমল বৰা, ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা, সাংসদ কুইন ওজা, বৈজয়ন্ত পাণ্ডা আদি। এই অনুষ্ঠানতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আগন্তুক ৫ বছৰত অসমত ২৫ খন মেডিকেল কলেজ স্থাপন হ’ব বুলি ঘোষণা কৰে।

স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা অনুসৰি ৰাজ্যৰ পুৰণি প্ৰতিখন জিলাতে একোখনকৈ মেডিকেল কলেজ স্থাপন হ’ব বুলি কোৱাৰ লগতে জাপানৰ বেংকে ইয়াৰ হাহে ৪০০০ কোটি লোণ দিছে বুলিও উল্লেখ কৰে। তেওঁ কয়, জাইকাৰ ধনেৰে শিলচৰ, দৰং, হোজাই, দিমাহাছাওত মেডিকেল কলেজ নিৰ্মাণ কৰিব। এই ৪০০ কোটিৰ ভিতৰত অসম চৰকাৰে ১০০০ কোটি টকা ঘূৰাই দিলেই হ’ব। তেওঁ কয়, অসমক চিকিৎসা খণ্ডৰ মডেল ৰাজ্য হিচাপে গঢ়ি তুলিব বিচৰা হৈছে। আনহাতে, ছুপাৰ স্পেচিয়েলিটি হাস্পতালখন উদ্বোধন কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, উত্তৰ পূৱ চিকিৎসা কেন্দ্ৰ হোৱাৰ সপোন দেখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ ইয়াৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে জি এম চি এইছত শ্বাহে মুকলি কৰা এই ছুপাৰ স্পেচিয়েলিটি হাস্পতালত হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্র মুকলি কৰিলে গৃহমন্ত্রীয়ে। এই চিকিৎসালয়ত আছে ১৬৮ খন বিছনাৰ সুবিধা। ৰোগীৰ বাবে আছে ৩৮টা কেবিন, আছে ICUৰ ব্যৱস্থা। ইয়াত অত্যাধুনিক প্রযুক্তিৰে কৰা হ’ব চিটি স্কেন, এম আৰ আই, এক্সৰে’। ইয়াৰ উপৰিও হাস্পতালখনত আছে ইউ এছ জি, ই চি জি, ইক’ কাৰ্ডিঅ’গ্ৰাফি, টি এম টি।হাস্পতালখনত থাকিব হল্টাৰ, ২০ টা অ’ পি ডি কনচাল্টেচন কক্ষ। প্রায় ২০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে হাস্পতালখন।

সোমবাৰে পুৱা দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰে গৃহমন্ত্ৰীগৰাকীয়ে। এই সময়ছোৱাত তেওঁক ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বি এছ এফৰ শীৰ্ষ বিষয়া আদিয়ে সংগ দিয়ে। এই সময়তে তেওঁ সীমান্তৰ ভাৰতীয় লোকৰ সৈতে মত বিনিময়তো লিপ্ত হোৱা দেখা যায়। ইয়াৰ পিছতে মানকাচৰৰ গৃহমন্ত্ৰীগৰাকী তামুলপুৰৰ এক বিশাল জনসভাত অংশগ্ৰহণ কৰে।তামুলপুৰত নিৰ্মাণ কৰা হ’ব বি এছ এফৰ অস্ত্ৰাগাৰ নিৰ্মাণ আৰু মেৰামতিৰ এটা কাৰখানা। ভাৰত-ভূটান সীমান্তৰ তামুলপুৰ জিলাৰ গীতানগৰ কালচেনীত অমিত শ্বাহে উত্তৰ-পূবৰ সৰ্ববৃহৎ অস্ত্ৰভাণ্ডাৰ আৰু কাৰখানাৰ আধাৰশিলা স্থাপন কৰে। জিলাখনৰ বৰনদীৰ পাৰৰ ২০০ বিঘা মাটিত স্থাপন হ’ব এই অস্ত্ৰভাণ্ডাৰ।

এই অনুষ্ঠানতে গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চেষ্টাৰ বাবে উগ্ৰপন্থী গোটসমূহৰ সৈতে শান্তি আলোচনা সম্পন্ন হোৱাৰ কথা উল্লেখ কৰে। তেওঁ কয়, ৭ বছৰ পূৰ্বে অসমলৈ আহিছিলোঁ। তেতিয়া যুৱকসকলে হাতত অস্ত্ৰ-শস্ত্ৰ লৈ সংঘৰ্ষ কৰি আছিল। তেতিয়া ইয়াত হিংসাৰ ৰাজনীতি চলি আছিল। বহু যুৱকৰ হত্যা হৈছিল। তাৰ পিছতেই আমি প্ৰতিশ্ৰুতি দিছিলোঁ সন্ত্ৰাসবাদক অসমৰ পৰা বাহিৰ কৰি দিয়া হ’ব। আৰু ৭ বছৰ পাছত মই ইয়ালৈ আহিছোঁ। এতিয়া অসমত শান্তি স্থাপন হোৱা দেখিছোঁ। ইয়াৰ পিছতে অমিত শ্বাহ আহি উপস্থিত হয় আমিনগাঁৱত। আমিনগাঁৱত তেওঁ শুভ উদ্বোধন কৰে লোকপিয়ল সঞ্চালকায় গৃহ। এই লোকপিয়ল সঞ্চালকালয়ৰ গৃহক উত্তৰ-পূবৰ ষ্টোৰ আৰু স্কেনিং কেন্দ্র হিচাপে ব্যৱহাৰ হ’ব। ভৱনটো নিৰ্মাণত ব্যয় হৈছে ৩২ কোটি টকা। এই অনুষ্ঠানত অমিত শ্বাহে কয়, পৰিয়াল নিয়ন্ত্রণৰ ক্ষেত্রত অসম চৰকাৰে কাম কৰা উচিত। লগতে তেওঁ ইয়াতেই ঘোষণা কৰে যে আগন্তুক সময়ত লোকপিয়ল ডিজিটেল মাধ্যমত হ’ব। মৃত্যু হোৱা লোকৰ সংখ্য ইয়াৰ পৰা ডিলিট হ’ব। আনহাতে জনবসতি ঘন থকা ৰাজ্যত জনসংখ্যা গণনা কৰাটো অতি আৱশ্যক বুলি উল্লেখ কৰি তেওঁ কয়, পৰিকল্পনা সঠিক নহ’লে উন্নয়ন তথা বিকাশ অসম্ভৱ।

Leave A Reply