Breaking

গৰ্ভৱতী মহিলাই চন্দ্ৰ গ্ৰহণ আৰু সূৰ্য্য গ্ৰহণ শেষ হোৱালৈকে বাহিৰত ওলাই যাব পাৰে নে নোৱাৰে…

0 186

(অন্ধবিশ্বাস/লোকবিশ্বাস আৰু সাম্প্ৰতিক বৈজ্ঞানিক বিশ্লেষণ )পৰম্পৰাগত ভাৱে মানি অহা লোকবিশ্বাস বোৰ সচাঁই বৰ্তমান সময়ত গ্ৰহণযোগ্যতাৰ কাৰণ আছেনে?? লোকবিশ্বাস————————-১) গৰ্ভৱতী মহিলা ঘৰৰ বাহিৰত ওলাই যাব নাপাই আনকি বন্ধ কোঠালিৰ ভিতৰত চন্দ্ৰ গ্ৰহণ/সূৰ্য্য গ্ৰহণ শেষ হোৱালৈকে সোমাই থাকিব লাগে ।যুক্তি- — পৌৰাণিক যুগত আজিৰ দৰে বৈদ্যুতিক সামগ্ৰী আৰু বৈদ্যুতিক সেৱা নাছিল গতিকে চন্দ্ৰ গ্ৰহণ বা সূৰ্য্য গ্ৰহণৰ বাবে সাময়িক ভাৱে চন্দ্ৰ বা সূৰ্য্যৰ পোহৰ কমি পৃথিৱী আন্ধাৰ হৈ পৰে।

গতিকে সেই সময়ত যদি গৰ্ভৱতী গৰাকী ঘৰৰ বাহিৰত ওলাই যাই তেন্তে অন্ধকাৰ সময় খিনিত যিকোনো বিপদ হব পাৰে (যেনে উজুটি খাই পৰা, পিচলি পৰা ইত্যাদি) । যিহেতু গৰ্ভাৱস্থা সময়খিনি এনেই অতিকৈ সাৱধানতা আৰু যত্নকৰ সময় ।২) গৰ্ভৱতী মহিলাই চন্দ্ৰ/ সূৰ্য্য গ্ৰহণ শেষ নোহোৱালৈকে একো খাদ্য খাব নালাগে আনকি পানীও খাব নালাগে ।যুক্তি- — অতি ভয়ানক লোকবিশ্বাস । গৰ্ভাৱস্থাত কোনো কাৰনতেই উপবাস কৰিব নালাগে । যিহেতু গৰ্ভাৱস্থা (pregnancy), মাক আৰু গৰ্ভস্থ শিশুৰ বাবে এটি হৰমোনেল(Hormone) শাৰীৰিক পৰিবৰ্তন গতিকে সেই সময়ত খাদ্য বা পানী গ্ৰহণ কৰাতো অতিকৈ প্ৰয়োজন কিন্তু ১০/১২ ঘণ্টা ধৰি যদি খাদ্য বা পানী গ্ৰহণ নকৰে তেন্তে dehydration আৰু দূৰ্বলতাৰ ফলত মহিলা গৰাকী মূৰ্ছা যোৱা ,মূৰ ঘূৰণি, ৰক্তচাপ কমি যোৱা,শৰীৰত গ্লোকজৰ পৰিমাণ কমি যোৱা ইত্যাদি উপসৰ্গবোৰ দেখা দিব যিবোৰ গৰ্ভস্থ শিশু আৰু মাকৰ বাবে অতিকৈ বেয়া।৩)গৰ্ভাৱস্থাত সূৰ্য্য/ চন্দ্ৰ গ্ৰহণ চালে শিশুটো অন্ধ হৈ জন্ম হব।

যুক্তি- – শিশুটো অন্ধ নহয় । সূৰ্য্য/ চন্দ্ৰ গ্ৰহণৰ কোনো প্ৰভাৱ গৰ্ভত থকা শিশুৰ ওপৰত নপৰে । তেনে কোনো প্ৰমাণ চিকিৎসা বিজ্ঞানত নাই। গৰ্ভৱতী মহিলা গৰাকীৰ Eclipse Blindness হব পাৰে যদিহে খালি চকুৰে চোৱা যায় বিশেষকৈ সূৰ্য্য গ্ৰহণ চালে।আচলতে সূৰ্য্যটো আমি খালি চকুৰে চালেও অন্ধ হব পাৰে সেয়া লাগিলে সূৰ্য্য গ্ৰহণ হওঁক বা নহওঁক। কিয়নো খালি চকুৰে দীৰ্ঘ সময় ধৰি সূৰ্য্যটো চালে অতি উজ্বল ৰশ্মিৰঞ্জনে আমাৰ চকুৰ পৰ্দা খন (Retina) নষ্ট কৰি দিয়ে ।গতিকে আমি খালি চকুৰে যিকোনো সময়তে সূৰ্য্যটো চাব নালাগে অন্যথা অন্ধ হোৱাটো স্বাভাৱিক । কিন্তু Eclipse Blindness কেৱল গৰ্ভৱতী মহিলাহে হব তেনে কোনো কথা নাই ।খালি চকুৰে চালে সকলো বয়সৰ মানুহৰে হব পাৰে সেই গতিকে goggles পিন্ধি গ্ৰহণ চাবলৈ কোৱা হয় ।চন্দ্ৰ গ্ৰহণ চালে কোনো অন্ধ নহয় ।৩)গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাই কোনো চোকা অস্ত্ৰ ব্যৱহাৰ কৰিব নাপাই । তেনে কৰিলে শিশুটো ফটা ওঁঠ(cleft lips) বা ফোটা থকা heart লৈ জন্ম হব। যুক্তি- – চিকিৎসা বিজ্ঞানত তেনে কোনো অলৌকিকতা নাই। ওপৰোক্ত আলোচনাত উল্লেখ কৰাৰ দৰে পৌৰাণিক দিনত যিহেতু আজিৰ দৰে বৈদ্যুতিক সেৱা নাছিল গতিকে গ্ৰহণৰ সময়ত চোকা অস্ত্ৰ ব্যৱহাৰে গৰ্ভৱতী গৰাকীৰ যিকোনো আঘাত হোৱাৰ সম্ভাৱনা থাকে ।সেই গতিকে এই লোকবিশ্বাস প্ৰচলিত হৈ আহিছে। ৪)গ্ৰহণৰ সময়ত ৰন্ধা বঢ়াৰ বা খোৱা বোৱা কৰিব নাপাই।যুক্তি- — সকলো বোৰ লোকবিশ্বাসৰ অন্তৰালত আছে আধুনিকীকৰণ পৰিবেশৰ অভাৱ। যিহেতু সেই সময়ত বিদ্যুতেই(Electricity) নাছিল গতিকে আন্ধাৰত পাকঘৰত ৰন্ধা বঢ়াৰ কামবোৰত যথেষ্ট জটিলতা আহি পৰে তাতে গৰ্ভাৱস্থা এটা সাৱধানতাৰ সময় ।

গ্ৰহণৰ আগতে ৰন্ধা খাদ্য খাব নালাগে । খাব পাৰি কেৱল ভালকৈ ঢাকি থোৱা হব লাগে আৰু গৰম কৰি খাব লাগে ।৫)গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাই শুৱ নাপাই , পায়খানা কৰিব নালাগে । যুক্তি- -অতিকৈ ভয়ানক লোকবিশ্বাস ।কোনো বৈজ্ঞানিক বিশ্লেষণ নাই। যিহেতু গৰ্ভাৱস্থা জিৰণি লোৱা, সুখাদ্য খোৱা ,সময় মতে মল মূত্ৰ ত্যাগ কৰা এটি শাৰীৰিক পৰিবৰ্তন গতিকে এই লোকবিশ্বাস বোৰ মানি চলিব নালাগে । গৰ্ভাৱস্থা ,আপুনি মাতৃ হোৱা এটি গৌৰৱ আৰু আপোনাৰ সুখ আনন্দৰ এটি ভৱিষ্যত সপোন গতিকে এই লোকবিশ্বাস বোৰৰ পৰা আতৰি থাকক আৰু আপোনাৰ আহিব লগা সন্তানতোকো গৰ্ভাৱস্থাতেই এই পৌৰাণিক লোকবিশ্বাস বোৰৰ পৰা আতৰাই ৰাখি এটি সূস্থ, সাহসী, সুসন্তান জন্ম দিয়ক। সূৰ্য্য/ চন্দ্ৰ গ্ৰহণ এক প্ৰাকৃতিক পৰিঘটনা । এই পৰিঘটনা বোৰ চলি আছে বাবেই বিশ্বব্ৰহ্মাণ্ডত আমি হয়তো জীয়াই আছো । গতিকে এই পৰিঘটনা বোৰ প্ৰাকৃতিক ভাৱেই হৈ থাকিব দিয়ক ।লোকবিশ্বাসবোৰ যাতে ভৱিষ্যত প্ৰজন্মৰ বাবে অন্ধবিশ্বাস ৰূপে আৰু পৰিগণিত নহওঁক।ডাঃ প্ৰদীপ বৰুৱা

Leave A Reply