Breaking

বাতৰি কাকতেৰে মেৰিওৱা খাদ্য স্বাস্থ্যৰ বাবে উপকাৰী নে অপকাৰী

0 1,223

পুৰণা বাতৰি কাকতেৰে মেৰিয়াই খাবলৈ প্ৰস্তুত কৰা খাদ্য সামগ্ৰী উপভোক্তাক পৰিৱেশন কৰাটো আমাৰ দেশত সততে চকুত পৰা এক গতানুগতিক ঘটনা। আমাৰ বহুতৰে বাবে সহজ হৈ পৰা এনে ঘটনাই সৰ্বসাধাৰণ ৰাইজৰ গুৰুতৰ স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰিব পাৰে তথা কৰি আহিছে। কেতিয়াবা আমাৰ মনত খু-দুৱনি জাগে যদিও গতানুগতিকভাৱে এনে কাৰ্য চলি আহিছে, কিয়নো এনে কাৰ্যৰ স্বাস্থ্যজনিত বিৰূপ ক্ৰিয়া সম্পৰ্কে আমি বহুতেই সজাগ নহয় আৰু তাক ৰোধ কৰাৰ বাবেও কোনোধৰণৰ আইনগত বাধ্যবাধকতা কিছুদিন আগলৈকে আমাৰ দেশত নাছিল।খাদ্যৰ প্ৰদূষণ তথা আহাৰজনিত বিষক্ৰিয়াৰ এক অন্যতম মুখ্য কাৰণ মেৰিওৱা বাতৰি কাকতখন।

খাবলৈ প্ৰস্তুত খাদ্য সামগ্ৰী বাতৰি কাকতেৰে মেৰিয়ালে মূলতঃ দুই ধৰণে খাদ্যখিনি প্ৰদূষিত হ’ব পাৰে-

ক)ব্যৱহৃত চিঞায়ীত থকা অনিষ্টকাৰী ৰাসায়নিক পদাৰ্থ, যেনে- ৰং, ৰঞ্জক, বন্ধনকাৰী দ্ৰব্য, অতিৰিক্তভাৱে যোগ দিয়া দ্ৰব্য, সংৰক্ষণকাৰী দ্ৰব্য আদিৰদ্বাৰা।

খ)পুৰণি বাতৰি কাকতত ইতিমধ্যে বাঁহ লোৱা অনিষ্টকাৰী অনুজীৱ, বেক্টেৰিয়া, ভাইৰাছ, ভেঁকুৰ আদিৰদ্বাৰা।

বাতৰি কাকত ছপা কাৰ্যৰ বাবে ব্যৱহৃত চিঞাহীত বেঞ্জিদিন, নেফটাপ্টোনিন, এমাইনোবাইফেনাইল আদি এৰিলএমাইন() শ্ৰেণীৰ বিষাক্ত ৰাসায়নিক পদাৰ্থ থাকে, যিসমূহে মূত্ৰাশয় আৰু হাঁওফাঁওৰ কৰ্কট ৰোগ কৰিব পাৰে।

বাতৰি কাকত সচৰাচৰ অফছেট ৱেব প্ৰিণ্টিং নামৰ প্ৰক্ৰিয়াৰে ছপা কৰা হয়। ততাতৈয়াকৈ ছপা হ’বৰ বাবে বাতৰি কাকত ছপাত ব্যৱহৃত চিঞাহী এক বিশেষ ঘনত্বৰ হ’ব লাগে। ইয়াৰ বাবে এনে চিঞাহীত পেট্ৰ’লিয়াম মূলৰ খনিজ তেল আৰু মিথান’ল, বেনজিন আৰু ট’লুইন চ’লভেন্ট(Solvent) হিচাপে ব্যৱহাৰ কৰা হয়। ছপা হোৱাৰ পিছত কম সময়ৰ ভিতৰতে শুকাবৰ বাবে ক’বাল্ট আদি গধুৰ ধাতু ব্যৱহাৰ কৰা হয়। এই আটাইবোৰেই মানুহৰ স্বাস্থ্যৰ বাবে হানিকাৰক। খনিজ তেলত চেচুৰেটেড হাইড্ৰ’কাৰ্বন(MOSH) থাকে। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংগঠন(FAO- Food & Agricultural Organization) তথা বিশ্ব স্বাস্থ্য সংস্থা(WHO)ৰ যুটীয়া বিশেষজ্ঞ সমিতিৰ মতানুসৰি আমি খাবলৈ ব্যৱহাৰ কৰা সামগ্ৰীৰ প্ৰতি কিলোগ্ৰামত MOSH-ৰ পৰিমাণ ০.৬ মিলিগ্ৰামতকৈও কম হ’ব লাগে। হাইড্ৰ’কাৰ্বনে মূলতঃ হাঁওফাঁও আৰু লগতে হৃদযন্ত্ৰ, স্নায়ু আদিত বিৰূপ ক্ৰিয়া কৰে। মিথান’লে শ্বাস-প্ৰশ্বাসৰ সমস্যা, চকুৰে ধোঁৱা-কোঁৱা দেখা, চৰ্মৰোগ, মূৰৰ বিষ, বমি, ভৰি টানি ধৰা আদি কৰিব পাৰে। বেনজিনে হাড়ৰ মজ্জাৰ অনিষ্ট কৰি ৰক্তহীনতা কৰে। ইয়ে তেজৰ কৰ্কট ৰোগপৰ্যন্ত কৰিব পাৰে। ট’লুইনে দুৰ্বল তথা অলস ভাব অনাৰ উপৰি চকু-নাকৰ খজুৱতি, মূৰৰ বিষয় আদিৰ লগতে যকৃৎ আৰু বৃক্ক বিকল কৰিব পাৰে

বাতৰি কাকতসমূহ অতি অস্বাস্থ্যকৰভাৱে বহুদিন দম কৰি জমা কৰাৰ সময়ত তাত ধূলি-মাকতি আদিৰ বাদেও বিভিন্ন ধৰণৰ অনুজীৱ, ভাইৰাছ, বেক্টেৰিয়া, ভেঁকুৰ আদিয়ে বাহ লয়। তদুপৰি বিভিন্ন ধৰণৰ জীৱ-জন্তু, পতংগ, পোক-পৰুৱা আদিৰ নোম, চুলি, কণী, শৰীৰৰপৰা বৰ্জিত পদাৰ্থ এনে পুৰণা বাতৰি কাকতত থাকে। এইবোৰৰ কোনোটেৱেই আহাৰৰ সৈতে গ্ৰহণীয় নহয়।

এনেবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতত খাদ্য সুৰক্ষা আৰু মাপক আইন-২০০৬ৰ অধীনত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰদ্বাৰা ‘খাদ্য সুৰক্ষা আৰু মাপক প্ৰাধিকৰণ(FSSAI- Food Saftey & Standard Authority Of India) নামে স্বতন্ত্ৰ সংস্থা এটি ২০১১ চনত গঠন কৰা হৈছে। ইয়াৰ যোগেদি খাদ্যবস্তু নুৰিওৱা, বন্ধা, পৰিৱেশন কৰা বা মজুত ৰখা কামত বাতৰি কাকতৰ ব্যৱহাৰ বাৰণ কৰাৰ ক্ষেত্ৰত নীতি-নিৰ্দেশনা জাৰিৰ লগতে সমাজৰ সকলো স্তৰৰ লোকৰ মাজত সজাগতা সৃষ্টি হেতু পদক্ষেপ গ্ৰহণ কৰিছে। সমাজৰ এক দায়িত্বশীল অংশীদাৰী হিচাপে আমি এই দিশত নিজে সচেতন হোৱাৰ লগতে অইনকো সজাগ কৰিবলৈ যত্ন কৰো আহক।

লেখক: ডাঃ ৰমেন কুমাৰ কাকতি