বিশ্বৰ কোন খন দেশত আছে সৰ্বাধিক সংখ্যক বিলিয়নেয়াৰ ? এই সন্দৰ্ভত বিশ্ব বিখ্যাত আলোচনী ফৰ্বছে প্ৰকাশ কৰা তালিকাৰ পৰাই স্পষ্ট হৈছে সকলো কথা।ফৰ্বছৰ বিশ্বৰ বিলিয়নেয়াৰ ২০২২ ৰ তালিকা অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক ৭৩৫ জন বিলিয়নেয়াৰ আছে। যোৱা বছৰ আমেৰিকাত ৭২৪ গৰাকী বিলিয়নেয়াৰ আছিল। আমেৰিকাৰ পিছতে বিলিয়নেয়াৰ থকা দ্বিতীয় খন দেশ খন হৈছে চীন।চীনত ৫৩৯ জন বিলিয়নেয়াৰ আছে। চীনত যোৱা বছৰৰ ৬২৬ গৰাকী বিলিয়নেয়াৰ আছিল যদিও এই বছৰ সেই সংখ্যা কিছু হ্ৰাস পাইছে।ভাৰতে ১৬৬ জন বিলিয়নেয়াৰৰ সৈতে তৃতীয় স্থানত আছে।, জাৰ্মানীত ১৩৪ জন, ৰাছিয়াত ৮৩ জন, হংকঙত ৬৭ জন, কানাডাত ৬৪ জন, ব্ৰাজিলত ৬২ জন আৰু ইটালীত ৫২ জন বিলিয়নেয়াৰ আছে।এইবাৰো ভাৰতৰ মুকেশ আম্বানী এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাবে পৰিগণিত হৈছে।তেওঁৰ সম্পত্তিৰ পৰিমাণ আনুমানিক ৯০.৭ বিলিয়ন ডলাৰ মূল্যৰ।বিশ্বৰ বিলিয়নেয়াৰৰ তালিকাত শীৰ্ষস্থানত থকা ব্যক্তিগৰাকী হৈছে এলন মাস্ক।মাস্কৰ সম্পত্তিৰ মূল্য আনুমানিক ২১৯ বিলিয়ন ডলাৰ।
বিলিয়নেয়াৰৰ তালিকাত দ্বিতীয় স্থানত থকা ব্যক্তিগৰাকী হৈছে জেফ বেজোছ।ফ্ৰান্সৰ বাৰ্ণাৰ্ড আৰ্নাল্ট বিশ্বৰ তৃতীয় আটাইতকৈ ধনী ব্যক্তি হিচাবে পৰিগণিত হৈছে।তালিকাৰ শীৰ্ষ পাঁচটা স্থানত আছে বিল গেটছ আৰু ৱাৰেন বাফেট।ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে ৯০.৭ বিলিয়ন ডলাৰৰ মুঠ সম্পত্তিৰ সৈতে ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি আৰু বিশ্বৰ দশম ধনী ব্যক্তি হিচাপে নিজৰ স্থান বজাই ৰাখিছে।
আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানিয়ে ৯০ বিলিয়ন ডলাৰৰ সম্পদৰ সৈতে দ্বিতীয় স্থানত আছে।এইচচিএল টেকন’লজীৰ অধ্যক্ষ শিৱ নাদাৰে ফৰ্বছৰ ভাৰতৰ ১০ জন ধনী বিলিয়নেয়াৰৰ তালিকাত ২৮.৭ বিলিয়ন ডলাৰৰ মুঠ সম্পত্তিৰ সৈতে তৃতীয় স্থান লাভ কৰিছে।ফৰ্বছৰ প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতত বিলিয়নেয়াৰৰ সংখ্যা যোৱা বছৰৰ ১৪০ ৰ পৰা ১৬৬ লৈ বৃদ্ধি পাইছে।

