বিশ্ব স্বাস্থ্য সংস্থাই শুনালে সতৰ্কবাণী৷(WHO) বিশ্ব স্বাস্থ্য সংস্থাই এতিয়া চৰম অৰ্থনৈতিক সংকটত ভুগিছে৷ ফলত সংস্থাটোৱে আৰু পূৰ্বৰ দৰে সকলোৰে সেৱা কৰিব নোৱাৰিব৷ ইয়াৰ পৰিণাম অতি ভয়াৱহ হ’বলৈ গৈ আছে৷ জানিব পৰা মতে, এতিয়াৰে পৰা বিশ্বৰ ৭০খন দেশে আৰু স্বাস্থ্য খণ্ডৰ সাহায্য লাভ কৰিব নোৱাৰিব৷ এই দেশসমূহে এতিয়া বিশ্ব স্বাস্থ্য সংস্থাত দেখা দিয়া ধনৰ অভাৱৰ পৰিণতি ভোগ কৰিব লাগিব৷ ডব্লিউ এইচ অ’ৰ সঞ্চালকপ্ৰধান টেড্ৰ’ছ আধনম গেব্ৰেইছাছে কয় যে ইতিমধ্যে ৰোগীয়ে চিকিৎসা লাভ কৰা নাই৷ স্বাস্থ্য খণ্ডৰ বিভিন্ন সেৱা বন্ধ কৰি দিয়া হৈছে৷ বহু স্বাস্থ্যকৰ্মীয়ে চাকৰি হেৰুৱাইছে৷ দৰিদ্ৰ লোকে এতিয়া উপযুক্ত চিকিৎসা লাভ কৰা নাই৷
চিকিৎসা ক্ষেত্ৰখনত ডাঙৰ অৰ্থনৈতিক সংকটে দেখা দিছে৷ বৰ্তমান সংস্থাটোৰ ঘাটি হৈছে ৬০ কোটি মাৰ্কিন ডলাৰ৷ বাৰ্ষিক বাজেট ২১ শতাংশ কৰ্তন কৰা হৈছে৷ এই পৰিস্থিতি আৰু দুবছৰলৈ অব্যাহত থাকিব বুলি খবৰ পোৱা গৈছে৷ জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াসকলৰ এখন বৈঠক অনুষ্ঠিত হয়৷ এই পৰিস্থিতিত তেওঁলোক অতিশয় উদ্বিগ্ন হৈ পৰিছে৷ আমেৰিকাই গ্ৰহণ কৰা নীতিৰ ফলস্বৰূপে বিশ্ব স্বাস্থ্য সংস্থাই এই দিনটোৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি বহুতে দাবী কৰিছে৷ যি সময়ত আমেৰিকাই এই সংগঠনৰ পৰা আঁতৰি আহিছে, চীনে তেওঁলোকৰ কাষত থিয় দিছে৷
বৰ্তমান চীনৰ ধনে সংস্থাটোক বহুত সহায় কৰিছে৷ ডব্লিউ এইচ অ’ৰ মুৰব্বীগৰাকীয়ে কয় যে তেওঁলোকৰ আৰ্থিক অৱস্থা যিদৰে গঢ় লৈ উঠিছে, তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে আৰু লাখ লাখ লোকক সহায় কৰিব নোৱাৰিব৷ বিভিন্ন দেশৰ পৰা কোনো ৰোগৰ খবৰ আহিলেও তেওঁলোকৰ কোনো কামত নাহিব৷ অনাগত দিনত সমগ্ৰ বিশ্বই বিশ্ব স্বাস্থ্য সংস্থাৰ এই সমস্যা উপলব্ধি কৰিব৷ নিজৰ মাজত বিবাদ নিষ্পত্তি কৰাৰ সময়ত বিভিন্ন আগশাৰীৰ দেশে পাহৰি গৈছে যে অদৃশ্য শক্তিৰ বিৰুদ্ধে যুঁজিব লাগিব৷ তেওঁলোকৰ সেই শক্তি নাই বুলি তেওঁ কয়৷ ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাই বাজেট চ্ছ্ৰ.২ বিলিয়ন ডলাৰৰ পৰা ২.ৰ বিলিয়ন ডলাৰলৈ হ্ৰাস কৰিছে৷ ফলস্বৰূপে এতিয়াৰ পৰা মহামাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত তেওঁলোকে যি সক্ৰিয় ভূমিকা পালন কৰিছিল, তাৰ পৰাও বিৰত থাকিব লাগিব বুলি আশংকা কৰা হৈছে৷