Breaking

সোণাৰি সদৰ থানাত অঘটন ! সতীৰ্থৰ বন্দুকৰ গুলীত প্ৰাণ হেৰুৱালে গকুল বসুমতাৰীয়ে

0 60

সোণাৰি সদৰ থানাত অঘটন।সতীৰ্থৰ বন্দুকৰ গুলীত প্ৰাণ হেৰুৱালে গকুল বসুমতাৰীয়ে।স্মার্ট আৰক্ষী পুনৰ বিতর্কত। ইতিমধ্যে ৰাজ্যৰ বহু কেইখন আৰক্ষী থানাত আৰক্ষী বিষয়া আত্মহত্যাৰ লগতে নিজৰ সতীৰ্থৰ গুলীত প্ৰান হেৰুৱাৰ দৰে লোমহর্ষক ঘটনা সংঘটিত হৈ বিতৰ্কৰ আবৰ্ত্তত সোমাই পৰা আৰক্ষী শেষতীয় ভাবে চৰাইদেউ জিলাৰ সদৰ থানাত সংঘটিত ঘটনাই পুনৰ বিতর্কৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে আজি পুৱা অৰ্থাৎ ৬ ডিচেম্বৰৰ পৰা সদৰ থানাৰ প্ৰৱেশ দ্বাৰত কৰ্মৰত হৈ থকা গকুল বসুমতাৰী নামৰ ৯ এপি বি বি এন ‘ৰ কনিষ্টবলক নিজৰে সতীৰ্থ দীপক কাকতিয়ে। নিশাৰ দায়িত্ব সমাপন কৰি নিজৰ অস্থায়ী বেৰেকলৈ যাবলৈ লওঁতেই পূৱাৰ দায়িত্ব পালন কৰিবলৈ অহা দীপক কাকতিয়ে থানাৰ দুৱাৰ মুখতে বাঞ্চিত ভাবে জধে – মধে গুলী চলোৱাত আৰক্ষী গৰাকীৰ ডিঙি আৰু মূৰত চাৰিজাই গুলী লাগে। গুলীৰ আঘাটত থৃত প্ৰান হৈ পৰা গকুল বসুমতাৰীক তৎকালে ৰজাপুখুৰীস্হ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়তে বসুমতাৰীয়ে শেষ নিশ্চাহ ত্যাগ কৰে। ঘটনা বিৱৰণী মতে ৯ এপি বি বি এন ‘ৰ পল্টুনৰ দলটোক জিলা উপায়ুক্তৰ ওপৰ মহলাত অস্থায়ী ভাবে শিবিৰ পাতি থকাৰ ব্যৱস্থা কৰিছিল। শিবিৰতে তেওঁলোক দুয়ো গৰাকীৰ মাজত কিবা কথাত প্ৰচণ্ড বাত-বিতণ্ডাৰ সৃষ্টি হৈছিল। যাৰ বাবে চুড়ান্ত ৰূপ লৈ নিজৰ সতীৰ্থক নিৰ্দয় আৰু মৰ্ম্মান্তিক ভাবে হত্যাকৰিবলৈ উদ্যত হয় দীপক কাকতিয়ে। সদৰ থানা খনৰ পৰা ৫০ মিটাৰ দূৰত্বত অৱস্থিত প্ৰবেশ দ্বাৰা অবাঞ্চিত ভাবে সংঘটিত ঘটনাক প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে উপস্থিত আৰক্ষী। মন কৰিব লগীয়া য়ে আৰক্ষী ৰে গিজ গিজাই থকাৰ পিছতো তেনে এক ঘটনা সংঘটিত হোৱাত সোণাৰি সদৰ কে ধৰি চৰাইদেউ জিলা খনত তীব্র প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। চামুগুৰি নিবাসী গকুল বসুমতাৰীক হত্যা কৰা দীপক কাকতিৰ ঘৰ হৈছে বিশ্বনাথ চাৰিআলিত নিজৰ সতীৰ্থক হত্যা কৰি তিল মানো অনুতপ্ত নোহোৱা কনিষ্টবল দীপক কাকতিক আৰক্ষী য়ে নিজৰ জিমাত লৈ জেৰা অব্যাহত ৰাখিছে।

তেঁওলোকৰ মাত কিয় বাত -বিতণ্ডা হৈছিল? একেটা পল্টুনত থকাৰ লগতে একেখন শিবিৰত থকা দীপক কাকতি আৰু গকুল বসুমতাৰীৰ মাজত ভাল বন্ধুত্ব আছিল। কিন্তু যোৱা কেইদিন পৰা দুয়োজনৰ মাজত বন্ধুত্বৰ ফাট মেলিছিল। আৰু সুযোগ পালেই বাত- বিতণ্ডাত লিপ্ত হৈছিল। কি বিষয়ক লৈ তেওঁলোকৰ মাজত সংঘাট সৃষ্টি হৈছিল যাৰ বাবে দীপকে নিজৰ বন্দুকৰে গুলীয়াই নিজৰ সতীৰ্থ গকুলক হত্যা কৰিবলৈ উদ্যত হৈছিল। দীপক আৰু গকুল’ৰ মাজত চলি থকা সংঘাটৰ কাৰণ সতীৰ্থ সকলে অজ্ঞতা প্ৰকাশ কৰিলেও সংঘাটৰ কাৰণ যে অতি স্পৰ্শ কাতৰ আছিল সেইয়া নিশ্চিত। আৰক্ষী য়ে দুয়োটা পৰিয়ালক ঘটনাৰ সন্দৰ্ভত অৱগত কৰিছে। জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যলয়ৰ নিচেই সমীপতে থকা সোণাৰি সদৰ থানাত সংঘটিত লোমহর্ষক ঘটনাক লৈ জিলা খনত তীব্র চাঞ্চল্য সৃষ্টি কৰিছে। আৰক্ষীয়ে হত্যাকাৰীক মাৰা থান জেৰা চলালে হত্যা’ৰ প্ৰধান কাৰণ ফাদিল হোৱাৰ সম্ভাৱনা আছে।

Leave A Reply