বিশ্ব স্বাস্থ্য সংস্থাই কি বঁটাৰে সন্মানিত কৰিলে আশা কৰ্মীক

ভাৰতৰ গ্ৰামাঞ্চলত স্বাস্থ্য সেৱা আগবঢ়োৱা তথা ক’ভিড মহামাৰীৰ সময়ত আগবঢ়োৱা সেৱাৰ বাবে ভাৰতৰ দহ লাখ আশা কৰ্মীক বিশ্ব স্বাস্থ্য সংস্থাই বঁটাৰে সন্মানিত কৰিছে৷ উল্লেখ্য যে এক্ৰেডিয়েট ছ’চিয়েল হেল্‌থ এক্টিভিষ্টছ বা আশা স্বেচ্ছাসেৱীসকল হৈছে ভাৰতৰ গ্ৰাম্য স্তৰৰ প্ৰত্যক্ষ স্বাস্থ্য সেৱা কৰ্মী৷


ক’ভিড মহামাৰীৰ সময়ত ঘৰে ঘৰে তেওঁলোকে আগবঢ়োৱা সেৱাৰ বাবে আশা কৰ্মীসকলে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷ বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধানে টেড্ৰোছ আধানোম গেব্ৰিয়েছাছে স্বাস্থ্য খণ্ডলৈ আগবঢ়োৱা সেৱাৰ বাবে ছটা বঁটাৰ প্ৰাপকসকলৰ নাম ঘোষণা কৰে৷


বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধানৰ ‘গ্ল’বেল হেল্‌থ লীডাৰ্ছ এৱাৰ্ড’ৰ প্ৰাপকসকল বাছনি কৰে টেড্ৰোছে৷ এই বঁটা ২০১৯ চনৰ পৰা দিয়া হৈছে৷ আশা কৰ্মীৰ বাদে এই বঁটা লাভ কৰা আন এদল কৰ্মী হৈছে আফগানিস্তানৰ ভেক্‌চিন কৰ্মীসকলযিসকলক এই বছৰ ফেব্ৰুৱাৰীত দেশখনৰ তাখাৰ আৰু কুন্দুজ প্ৰদেশত বন্দুকধাৰীয়ে হত্যা কৰিছিল৷ ইয়াৰ উপৰি বঁটা প্ৰাপকৰ তালিকাত আছে হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ ডিপাৰ্টমেণ্ট অব্‌ গ্ল’বেল হেল্‌থ এণ্ড ছ’চিয়েল মেডিচিনৰ অধ্যক্ষ তথা আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংগঠন পাৰ্টনাৰ্ছ ইন হেল্‌থৰ সহঃ প্ৰতিষ্ঠাপক ডাঃ পল ফাৰ্মাৰ৷

Related Articles