মডেল পুনম পাণ্ডেৰ মৃত্যুৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ পৰা জনোৱা হৈছিল যে পুনম পাণ্ডে আৰু এই পৃথিৱীত নাই। ইফালে অনুৰাগীয়ে তেওঁৰ বিবাহ, স্বামী, সম্পৰ্ক আৰু প্ৰেমৰ বিষয়ে খবৰ বিচাৰিছে। শুকুৰবাৰে পুৱা এটা আচৰিত খবৰ ওলাইছিল। মাত্ৰ ৩২ বছৰীয়া পুনম পাণ্ডেৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ পৰা দাবী কৰা হৈছিল যে সকলোকে কন্দুৱাই এই পৃথিৱীৰ পৰা বিদায় লৈছে অভিনেত্ৰী পুনম পাণ্ডেয়ে। মডেল আৰু ‘লকআপ’ৰ দৰে অনুষ্ঠানত দেখা পোৱা পুনম পাণ্ডেৰ মৃত্যুৰ কাৰণ হৈছে ছাৰ্ভাইকেল কেন্সাৰ। ইফালে পুনম পাণ্ডেৰ স্বামীক লৈও আলোচনা আৰম্ভ হ’ল। আচলতে ২০২০ চনত পুনম পাণ্ডেই ব্যৱসায়ী ছেম বম্বেৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কিন্তু কেইদিনমানৰ ভিতৰতে দুয়োৰে মাজত বিবাদৰ সৃষ্টি হয় আৰু বিষয়টো থানাত উপনীত হয়। পুনম পাণ্ডেৰ স্বামী কোন আছিল জানেনে-
২০২০ চনত পুনম পাণ্ডেই বিবাহৰ কথা ঘোষণা কৰাৰ সময়ত লাইমলাইটলৈ আহে। প্ৰেমিক ছেম বম্বেক বিয়া কৰাইছিল। কিন্তু তেওঁলোকৰ বিবাহ বেছি দিন নিটিকিলে। মাত্ৰ ১২ দিনৰ অন্তত তেওঁলোকৰ সম্পৰ্ক আদালতত উপনীত হয়।
২০১৩ চনত ‘নাছা’ ছবিৰে অভিষেক ঘটোৱা পুনম পাণ্ডে বিয়াৰ পিছত গোৱালৈ গৈছিল স্বামীৰ সৈতে হানিমুনলৈ। স্বামীক আক্ৰমণৰ অভিযোগ উত্থাপন কৰি আনকি তেওঁক জেললৈও প্ৰেৰণ কৰে।
বিবাহ বিচ্ছেদৰ প্ৰশ্নটোৰ ওপৰত এটা সাক্ষাৎকাৰত পুনম পাণ্ডেই কৈছিল যে ছেমে তাইক বহুত আঘাত দিছিল। বিবাহ বিচ্ছেদৰ কথা ক’বলৈ গ’লে তেওঁ কৈছিল যে তেওঁলোকৰ বিবাহ বৈধ নহয় গতিকে বিবাহ বিচ্ছেদ ক’ৰ পৰা আহিব।
পুনম পাণ্ডেৰ স্বামী ছেম বম্বে ১৯৮৪ চনৰ ২৭ জানুৱাৰীত ডুবাইত জন্মগ্ৰহণ কৰিছিল। কোৱা হয় যে তেওঁ এজন পৰিচালক, প্ৰযোজক আৰু সম্পাদক। ডুবাইৰ পৰাই তেওঁ পঢ়া-শুনা সম্পূৰ্ণ কৰিছিল। পঢ়া-শুনাৰ পিছত তেওঁ চলচ্চিত্ৰ নিৰ্মাণত নিজৰ কেৰিয়াৰ গঢ়ি তুলিছিল। ২০২০ চনৰ ১০ ছেপ্টেম্বৰত মুম্বাইত এক ব্যক্তিগত অনুষ্ঠানত পুনম পাণ্ডেৰ সৈতে বিবাহপাশত আবদ্ধ হয় ছেমে। কিন্তু বিবাদৰ পিছত দুয়োজনে ইনষ্টাগ্ৰামৰ পৰা বিয়াৰ ফটো ডিলিট কৰে।
পুনম পাণ্ডেই এটা সাক্ষাৎকাৰত সম্পৰ্কৰ কথা কৈছিল। য’ত তেওঁ কৈছিল যে আজিলৈকে তেওঁ বহু কথাত অনুশোচনা কৰে। সম্পৰ্কৰ ওপৰত দিয়া বক্তব্য আৰু নিজৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে মাত মাতিব নোৱাৰিলে তাইৰ দুখ লাগে।
কিছুবছৰ পূৰ্বে পুনম পাণ্ডেৰ ইনষ্টাগ্ৰাম বন্ধ হৈ পৰিছিল। য’ত ছ’চিয়েল মিডিয়া প্লেটফৰ্মে বল্ড ছবিৰ বাবে এই পদক্ষেপ লৈছিল।

