নগৰখন পৰিস্কাৰ – পৰিচন্ন কৰি ৰখাৰ লগতে প্ৰদূষণ মুক্ত নগৰ হিচাপে আদৰ্শ গঢ়ি তোলাৰ উদ্দেশ্য আগত ৰাখি নাজিৰা পৌৰসভা কৰ্তৃপক্ষই এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে । সেই মৰ্মে আজি পুৱা ভাগতে নগৰৰ মাজমজীয়াৰ চাহ – তামোলৰ ক্ষুদ্ৰ ব্যৱসায়ি গণেশ চাহুয়ে পদপথ তথা ঐতিহাসিক ধোদৰ আলিৰ কাষত জাৱৰ পেলোৱাৰ অপৰাধত জৰিমনা বিহাৰ পৰিৱৰ্তে পৌৰসভাৰ কাৰ্যবাহী বিষয়া তথা দণ্ডাধীশ সুজাতা গগৈ আৰু পৌৰসভাৰ কৰ্মচাৰীয়ে ব্যৱসায়ী চাহুক এখন গামোচা পিন্ধাই আদৰণি জনাই এক প্ৰকাৰে লজ্জানত কৰে আৰু অনাগত সময়ত এনে কাৰ্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱাৰ লগতে সমূহ ব্যৱসায়ী আৰু নগৰবাসী জনগণক নগৰখন পৰিস্কাৰ কৰি ৰাখি প্ৰদূষণ মুক্ত নগৰ হিচাপে আদৰ্শ গঢ়ি তুলিবলৈ অনুৰোধ জনায় ।