Breaking

ইজৰাইল-হামাছৰ যুদ্ধত আমেৰিকাই কাৰ পক্ষ ল’ব লাগে…

0 47

ইজৰাইল-হামাছ যুদ্ধঃ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বাসগৃহ আৰু কাৰ্যালয় হোয়াইট হাউছে বুধবাৰে কয় যে বৰ্তমানৰ চোৰাংচোৱাৰ মূল্যায়নত দেখা গৈছে যে গাজা হাস্পতাল বিস্ফোৰণৰ বাবে ইজৰাইল ‘দায়ী নহয়’, কিন্তু সেই সন্দৰ্ভত এতিয়াও তথ্য সংগ্ৰহ কৰা হৈছে। চিকিৎসালয়খনত সংঘটিত হোৱা বিস্ফোৰণৰ বাবে কোন দায়ী সেই সন্দৰ্ভত বিভিন্ন দাবী উত্থাপন হৈছে।

হামাছৰ বিষয়াসকলে কয় যে ইজৰাইলে চিকিৎসালয়খনত বিমান আক্ৰমণ চলাইছে। ইজৰাইলৰ সেনাই ইয়াৰ লগত জড়িত বুলি অস্বীকাৰ কৰি দাবী কৰিছে যে এই কাণ্ডৰ কাৰণ হৈছে আন এটা উগ্ৰপন্থী সংগঠন পেলেষ্টাইন ইছলামিক জেহাদে নিক্ষেপ কৰা ৰকেট। অৱশ্যে এই গোটটোৱেও এই কথা অস্বীকাৰ কৰিছে। বাইডেনে কয় যে বিস্ফোৰণৰ কাৰণ কি নাজানে ‘বহুত মানুহ’ আছে। এই বিস্ফোৰণৰ পিছত সমগ্ৰ পশ্চিম এছিয়াত বিক্ষোভৰ সূচনা হৈছে।

Leave A Reply