Breaking

‘মোদী হিন্দুৱেই নহয়, মাতৃৰ মৃত্যুৰ পিছত কিয় কটা নাছিল চুলি- দাড়ি’? মোদীক উদ্দেশ্যি লালু প্ৰসাদৰ তীৰ্যক প্ৰশ্ন…

0 13

মোদীক উদ্দেশ্যি লালু প্ৰসাদৰ তীৰ্যক প্ৰশ্ন। ‘প্ৰধানমন্ত্ৰী মোদী হিন্দুৱেই নহয়’! মোদীৰ বিষয়ে এনেদৰেই মন্তব্য কৰিলে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱে। ৰাম মন্দিৰৰ পৰা আৰম্ভ কৰি সাগৰৰ তলৰ দ্বাৰকা চহৰলৈকে প্ৰধানমন্ত্ৰীয়ে মন্দিৰ উদ্বোধন কৰি ফুৰিছে। মন্দিৰৰ নামত মোদীয়ে আনকি আৰৱলৈয়ো উৰা মাৰিছে। আগন্তুক লোকসভা নিৰ্বাচনত হিন্দুত্ব বিজেপিৰ মুখ্য অস্ত্ৰ হ’ব বুলি সকলোৱে ধাৰণা কৰিছে। কিন্তু ইমানৰ পিছতো নৰেন্দ্ৰ মোদীক হিন্দু নহয় বুলি লালু প্ৰসাদে কিয় ক’লে? আৰজেডিৰ প্ৰতিষ্ঠাপক লালু প্ৰসাদ যাদৱে পাটনাত এখন ৰাজহুৱা সভাত ভাষণ দি কয়, “নৰেন্দ্ৰ মোদী হিন্দু নহয়।”

লালুৱে পাটনাত ইণ্ডিয়া এলায়েন্সৰ নিৰ্বাচনী জনসভাত ভাষণ দিছিল। ভাষণত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি লৈছিল।লালুৱে মোদীক উদ্দেশ্যি কয় “আপোনাৰ কোনো পৰিয়াল নাই, আপুনি হিন্দু নহয়। “
নিজৰ মন্তব্যৰ ব্যাখ্যা আগবঢ়াই লালুৱে কয়, “মাকৰ মৃত্যুৰ পিছত প্ৰতিগৰাকী হিন্দু পুৰুষে চুলি আৰু দাড়ি কাটে। এতিয়া মোক কওঁক, মোদীয়ে তেওঁৰ মাতৃৰ মৃত্যুৰ পিছত কিয় এনে কৰা নাছিল? তেওঁলোকে ৰাম আৰু ৰহিমক ইজনে সিজনৰ বিৰুদ্ধে থিয় দিয়াইছে”।

Leave A Reply