Breaking

‘মোদীয়ে কেৱল হিন্দু -মুছলমান কিয় কৰে?’ নিবনুৱা যুৱকে প্ৰশ্নৰ উত্তৰ বিচাৰি বগালে ফ্লাই অভাৰৰ ৰেলিং!

0 30

কলকাতাতৰ দক্ষিণত পুৱাই অথন্তৰ।দেওবাৰে পুৱাই কলকাতাৰ পাৰ্ক চাৰ্কাছত হাহাকাৰ লাগিল। এজন যুৱকে এটা প্ৰশ্নৰ উত্তৰ বিচাৰি বগালে এখন সুউচ্চ ফ্লাই অভাৰৰ । যুৱকজনৰ প্ৰশ্ন “মোদীয়ে কেৱল হিন্দু আৰু মুছলমান কিয় কৰে?” । দলঙৰ ৰেলিঙত দীঘলীয়া সময়ৰ বাবে যুৱকজনে বিপজ্জনকভাৱে থিয় হৈ থাকে। তেওঁৰ ডিঙিত এডাল ৰছীও ওলোমাই ৰখা দেখা যায়। আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক ঘটনাৰ বিষয়ে খবৰ দিয়া হয়। অৱশেষত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে বহু চেষ্টাৰ অন্তত যুৱক জনক ৰেলিঙৰ পৰা নমাই আনিবলৈ সক্ষম হয়। ইয়াৰ পিছতে আৰক্ষীয়ে যুৱকজনৰ সৈতে তৰ্কত লিপ্ত হয়।

যুৱকজন কেতিয়া ওপৰলৈ উঠি গৈছিল সেয়া কোনেও নাজানে। পুৱা স্থানীয় লোকসকলে এখন পতাকালৈ যুৱকজনে ওপৰৰ পৰা চিঞৰি থকা দেখিছিল । যুৱক জনে সুধিছিল “মোদীয়ে কেৱল হিন্দু আৰু মুছলমান কিয় কৰে? হিন্দু-মুছলমানৰ বিভাজন কিয় হ’ব লাগে?” আৰক্ষীয়ে জনোৱা অনুসৰি, যুৱকজনৰ নাম আনোৱাৰ । তেওঁ মানসিকভাৱে কিছু অসন্তুলিত। আৰক্ষীয়ে দাবী কৰিছে যে ‘হতাশাগ্ৰস্ত’ যুৱকজনে নিযুক্তিৰ দাবীতে এনে কৰিছিল।

Leave A Reply