Breaking

ফিনলেণ্ড কিয় বিশ্বৰ আটাইতকৈ সুখী দেশ? এই ‘সুখৰ তালিকা’ত ভাৰত পিছ পৰি থকাৰ কাৰণ কি?

0 125

ফিনলেণ্ডক কিয় বিশ্বৰ আটাইতকৈ সুখী দেশ বুলি কোৱা হয়? এই ‘সুখৰ তালিকা’ত ভাৰত পিছ পৰি থকাৰ কাৰণ কি? ফিনলেণ্ডত স্বাস্থ্য সেৱা ব্যৱস্থা বহু উন্নত। ফিনলেণ্ডৰ ৰাজহুৱা পৰিবহণৰ কথা ক’বলৈ গ’লে যথেষ্ট নিৰ্ভৰযোগ্য আৰু সস্তা। ইয়াৰ হেলচিংকি বিমানবন্দৰটোৱে সমগ্ৰ উত্তৰ ইউৰোপৰ ভিতৰতে শ্ৰেষ্ঠ স্থান লাভ কৰিছে। ২০২৩ চনৰ বিশ্ব সুখৰ প্ৰতিবেদনত ফিনলেণ্ডক বিশ্বৰ আটাইতকৈ সুখী দেশ হিচাপে ঘোষণা কৰা হৈছে। ফিনলেণ্ডে একেৰাহে ষষ্ঠবাৰৰ বাবে হেপিনেছ ৰেংকিঙত শীৰ্ষস্থান দখল কৰিছে। এই তালিকাত ফিনলেণ্ডৰ পিছতে আছে ডেনমাৰ্ক আৰু তৃতীয় স্থানত আছে আইচলেণ্ড। প্ৰশ্ন হয় ফিনলেণ্ডৰ নাগৰিকসকল আন দেশৰ মানুহতকৈ কিয় বেছি সুখী? আচলতে ফিনলেণ্ডত বহু বিশেষ কথা আছে, যাৰ বাবে ফিনলেণ্ড সুখৰ তালিকাত শীৰ্ষ স্থান লাভ কৰিছে। যেনে আয়ৰ বৈষম্য কম (সৰ্বাধিক দৰমহা পোৱা আৰু সৰ্বনিম্ন দৰমহাৰ মাজত কম পাৰ্থক্য), অধিক সামাজিক সমৰ্থন, সিদ্ধান্ত লোৱাৰ স্বাধীনতা আৰু কম দুৰ্নীতি। এই সকলোবোৰ কথাই ফিনলেণ্ডক এখন সুখী দেশ কৰি তুলিছে।

কেৱল এয়াই নহয়, ফিনলেণ্ডত ৰাজহুৱা পুঁজিৰে স্বাস্থ্যসেৱা ব্যৱস্থাৰ এক ভাল পদক্ষেপ। ফিনলেণ্ড, নৰৱে আৰু হাংগেৰীত তিনিওখন দেশতে আয়ৰ বৈষম্য একে। কিন্তু তথাপিও ফিনলেণ্ডৰ মানুহ এই দুখন দেশতকৈ বেছি সুখী। কাৰণ, বিশ্ব বৈষম্য তথ্যকোষৰ মতে, ফিনলেণ্ডৰ সৰ্বাধিক দৰমহা পোৱা বহুলোকে তেওঁলোকৰ মুঠ আয়ৰ মাত্ৰ এক তৃতীয়াংশহে নিজে লয়।

ভাৰত কিয় সুখী নহয়?
যিখন দেশৰ মানুহৰ স্বাধীনতা নাই, সেই দেশখন কেনেকৈ সুখী হ’ব আৰু যিখন দেশৰ মানুহে বিভিন্ন কথাত ভয় কৰে, সেই দেশখনো কেনেকৈ সুখী হ’ব। এই সকলোবোৰ কথাই বুজাব পাৰে যে সুখী দেশৰ তালিকাত তুৰস্ক আৰু ভাৰত কিয় ইমান পিছ পৰি আছে। এই তালিকাত ভাৰতক ১২৫ নম্বৰ আৰু তুৰস্কক ১০৬ নম্বৰত স্থান দিয়া হৈছে। আনহাতে বাস কৰিবলৈ আটাইতকৈ বেয়া দেশখন হৈছে আফগানিস্তান।ফিনলেণ্ডৰ জনসাধাৰণে সহজে সুখী হ’ব জানে।


অৰ্থনৈতিক আৰু সামাজিক সফলতাৰ ১০০ৰো অধিক বিশ্বব্যাপী পদক্ষেপৰ ক্ষেত্ৰত ফিনলেণ্ডে প্ৰথম। স্বাস্থ্যসেৱা খণ্ডই হওক, দৰমহাৰ কথাই হওক, ৰাজহুৱা পৰিবহণৰ প্ৰশ্নই হওক বা শিক্ষাৰ কথাই হওক সকলোতে সুখী ফিনলেণ্ড, বহু দেশত বৈষম্য অতি বেছি। ক’ৰবাত এই বৈষম্যই ‘সুখ’ৰ পৰিসৰ নিৰ্ধাৰণ কৰে। এনেবোৰ কাৰণতে ফিনলেণ্ডক বিশ্বৰ আটাইতকৈ সুখী দেশ বুলি কোৱা হয়।

Leave A Reply