শিল্পী সকলৰ প্ৰতি কিয় ইমান অৱহেলিত অসম চৰকাৰ

ভুপেশ খাটনিয়াৰ

‘কা’ আন্দোলন কৰোণা মহামাৰীৰ বাবে যোৱাটো বৰ্ষৰ আধাতে ভ্ৰাম্যমান থিয়েটাৰৰ নাট্য দলসমূহে নাট সামৰিব লগা হোৱাত একাংশ শিল্পী কৰ্মীৰ জীৱনলৈ কালধুমুহা নামি আহে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আপোনাৰ নিৰ্দেশতেই সাংস্কৃতিক সঞ্চালকালয়ে ভ্ৰাম্যমান থিয়েটাৰৰ শিল্পী কলা-কুশলীক এককালীন সাহায্য আৰু খাদ্য সামগ্ৰী বিতৰণৰ বাবে প্ৰযোজক সন্থাৰ পৰা শিল্পী কলা-কুশলীৰ সম্পূৰ্ণ ঠিকনা লৈ ৩ মাহ আগতে এখন তালিকা প্ৰস্তুত কৰি অসমৰ বিভিন্ন জিলাত খাদ্য সামগ্ৰী বিতৰণ কৰিলে তাৰ বাবে অসম চৰকাৰৰ লগতে সাংস্কৃতিক সঞ্চালকালয়ক  ধন্যবাদ জনাইছোঁ। কিন্তু তিনিচুকীয়া, ডিব্ৰুগড়, বৰপেটা, কামৰূপ জিলাত তালিকাত নাম থকাৰ পিছতো কাৰ হেমাহিৰ বাবে এতিয়ালৈকে শিল্পীসকল বঞ্চিত হৈ থাকিব লগা হৈছে? সাংস্কৃতিক সঞ্চালকালয়ৰ তালিকা আৰু নিৰ্দেশ মতে  উজনি অসমৰ দুখন জিলাত উপায়ুক্ত মহোদয়ে শিল্পীসকলক দিঙিত গামোছা পিন্ধাই সাহাৰ্য্য বিতৰণ কৰিছে তেখেতসকলক  ধন্যবাদ জনাইছোঁ। কিন্তু আমাৰ বৰপেটা জিলাকে ধৰি বহু কেইখন  জিলাই এতিয়ালৈকে  বহু শিল্পী কৰ্মীৰ  নাম থকাৰ পিছত আজি ৩ মাহলৈকে এই এচাম শিল্পী বঞ্চিত হৈ থাকিব লগা হৈছে ?  ভ্ৰাম্যমান থিয়েটাৰৰ এজন কৰ্মী হিচাপে আপোনাক প্ৰশ্ন কৰা নাই মাথো  জানিব বিচাৰিছো। আপোনাৰ নিৰ্দেশ থকাৰ পিছতো আমি যে বঞ্চিত হৈ আছো সেইখিনি দৃস্তি গোচৰ কৰিবৰ বাবে কথাখিনি ক’লো।  হয় এইতো মানি লওঁ চৰকাৰী সাহায্য দুদিনৰহে পেটৰ ভোক পলাব হ’লেও মনটোক শান্তনা দিব পাৰিম। ভ্ৰাম্যমান থিয়েটাৰ জীয়াই ৰাখি শিল্পীসকলৰ বাবে পৰিস্থিতি ভাল হ’লে নীতি-নিৰ্দেশনাৰ মাজেৰে সেই আগৰ পৃথিৱীখনলৈ ঘুৰি  যাব  অনুমতি দিয়ে যেন।

Related Articles