অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত চলিছে ব্যাপক দুৰ্নীতি অনিয়ম । উন্নয়ন খণ্ডৰ একাংশ চৰকাৰী বিষয়া / কৰ্মচাৰীৰ সহযোগত জনপ্ৰতীনিধি লিপ্ত হৈছে ব্যাপক দুৰ্নীতি অনিয়মত । এটাৰ পিছত আন এটা দুৰ্নীতি অনিয়মৰ তথ্য পোহৰলৈ আহিছে দৰঙৰ দলগাওঁ শিয়ালমাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত । তথাপিও গা লৰানাই বিভাগীয় কৰ্তৃপক্ষৰ । যতেই এনৰেগা আঁচনি তাতেই দুৰ্নীতি । বৰ্তমান খিৰতী গাইত পৰিনত হৈছে এমজি এনৰেগা আঁচনি । এটাৰ পিছত আন এটা এমজি এনৰেগা আচঁনিৰ নামত লাখ লাখ টকা আবন্টন দিয়া হৈছে যদিও উন্নত হোৱা নাই বহু পঞ্চায়তৰ বাট পথ । একে দৃশ্য পৰিলক্ষিত হৈছে দলগাও শিয়ালমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত আৰিমাৰি গাও পঞ্চায়তত । অভিযোগ অনুসৰি , আৰিমাৰী গাওঁ পঞ্চায়ত খনৰ অন্তৰ্গত বদলি বৰালি গাৱত ২০২০-২১ বৰ্ষত এগ্ৰিল বান্ধ ফ্ৰম গুনোৰ আলী হাউছ টো আক্কেল আলী হাউছ লৈ যোৱা পথটো নিৰ্মাণৰ নামত এমজি এনৰেগা আঁচনিৰ অধীনত বিভাগীয় ভাৱে আৱন্টন দিয়ে ৮ লাখ ২৩ হাজাৰ ৩৯৪ টকা । উক্ত আবন্টিত ধনেৰে প্ৰাককলন জলাঞ্জলি দি নাম মাত্ৰ কাম কৰি পথটো অৰ্ধ নিৰ্মিত কৰি সিংহভাগ ধন আত্মসাত কৰি দায়িত্ব সামৰে পঞ্চায়ত খনৰ জনপ্ৰতিনিধিয়ে । একেদৰে মুনতাজ আলী হাউছ টো গুনোৰ আলী হাউছ লৈ যোৱা পথটো নিৰ্মাণৰ বাবে এনৰেগা আঁচনিৰ অধীনত প্ৰায় ১০ লাখ টকা আৱন্টন দিয়ে । উক্ত পথচোৱা নিৰ্মাণৰ নামতো ঠিকাদাৰ ৰূপী জনপ্ৰতিনিধিয়ে সংঘটিত কৰে ব্যাপক দুৰ্নীতি । গাওঁ পঞ্চায়ত খনত চলি থকা এমজি এনৰেগা আৰু চতুৰ্দশ বিত্তীয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।
উক্ত গাওঁ পঞ্চায়তত চৰকাৰে লাখ লাখ টকা আৱন্টন দিয়ে যদিও পঞ্চায়তৰ সদস্য সচিব , কম্পিউটাৰ সহায়ক, ইঞ্জিনীয়াৰ, এক্ৰিকেটেড ইঞ্জিনীয়াৰৰ সহায়ত উক্ত কামত নিয়োজিত চতুৰ ঠিকাদাৰ ৰূপী পঞ্চায়ত প্ৰতিনিধিয়ে ৰাইজক অন্ধকাৰত ৰাখি কেই ট্ৰেক্টৰ মান বালি ছটিয়াই আচনি দুটাৰ কাম সম্পন্ন কৰে । উল্লেখযোগ্য যে বিভাগীয় কৰ্তৃপক্ষই আঁচনিৰ কাম তদাৰক নকৰাকৈয়ে লাখ লাখ টকা মুকলাই দিয়া কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দলগাওঁ শিয়ালমাৰী উন্নয়ন খণ্ডৰ একাংশ বিষয়া কৰ্মচাৰীক মেনেজ কৰি আৰিমাৰী গাওঁ পঞ্চায়তৰ একাংশ প্ৰতিনিধিয়ে সংঘটিত কৰিছে এটাৰ পিছত আন এটা দুৰ্নীতি অনিয়ম । সেয়ে গাওঁ পঞ্চায়ত খনত উত্থাপিত অভিযোগৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি সঠিক ভাৱে আঁচনিৰ কাম সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজৰ লগতে আমছুৰ কেন্দ্ৰীয় উপদেষ্টা আইনুদ্দিন আহমেদে ।
আৰিমাৰী গাওঁ পঞ্চায়তত এম জি এনৰেগা আঁচনি ৰূপায়নত ব্যাপক দুৰ্নীতি

