দেশৰ অন্যতম ৰাজহুৱা খণ্ডৰ লাভজনক তৈল উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ ঠিকাভিত্তিত চলাচল কৰা যানবাহন নিবিদা আৰু চালক-সহযোগী নিযুক্তিৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ ‘আটাছু’ৱে । দুলীয়াজানৰ পুৰণি বাছ আস্থানত অৱস্থিত ‘মিডিয়া চেণ্টাৰ’ত আহ্বান কৰা এখন সংবাদ মেলত টাই আহোম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতি আৰু দুলীয়াজান আঞ্চলিক সমিতিয়ে অইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষই ঠিকাভিত্তিত চলাচল কৰা বাহন আৰু চালক-সহযোগীৰ নিযুক্তিৰ ক্ষেত্ৰত স্থানীয় নিবনুৱাৰ স্বাৰ্থৰ পৰিপন্থী নীতি গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন কৰে । উক্ত সংবাদমেলত অইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষই স্থানীয় নিৱনুৱা সংস্থাপনৰ বাবে লঘু আৰু গধুৰ যানবাহনৰ নিবিদা আহ্বান কৰি আহিছে । এইক্ষেত্ৰত এক বাহন এক ব্যক্তি নীতি অনুসৰি নিবিদা লাভ কৰা নিবনুৱা সকলে নিজে বাহনৰ চালক হিচাপে কৰ্ম সংস্থাপন লাভ কৰি আহিছে বুলি আটাছুৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰূপম গগৈয়ে সংবাদমেলত মন্তব্য কৰে ।
তেওঁ লগতে জানিবলৈ দিয়ামতে কিছু ক্ষেত্ৰত নিজা পৰিয়াল তথা নিকট আত্মীয় চালক আৰু সহযোগী ৰূপে দায়িত্ব প্ৰদান কৰিব পাৰে । তদুপৰি টেংকাৰ বা অন্য গধুৰ বাহনৰ নিবিদাৰ জাননী (এন আই টি)ত চালক আৰু সহযোগীক নিয়োগৰ ক্ষেত্ৰত সম্পূৰ্ণ দায়িত্ব ঠিকাদাৰ সকলৰ নিজৰ বুলি উল্লেখ কৰা থাকে । কিন্তু এনে বাহন সমূহৰ চালক আৰু সহযোগী নিযুক্তিৰ পৰা অইল কৰ্তৃপক্ষই উদ্যোগ প্ৰতিষ্ঠানটোৰ অধ্যুষিত অঞ্চলৰ নিৱনুৱা সকলক বিভিন্ন কৌশলেৰে বঞ্চিত কৰি এক বিশেষ চক্ৰক দিবৰ বাবে অহৰহ চেষ্টা কৰি অহা বুলিও আটাছুৱে গুৰুত্বৰ অভিযোগ উত্থাপন কৰে । লগতে সংবাদমেলাত জানিবলৈ দিয়ামতে মটৰ শ্ৰমিক ইউনিয়নৰ বিষয়-ববীয়া তথা সদস্য ন’হলে নিজে লাভ কৰা লঘু বাহন অথবা ঠিকাদাৰে নিযুক্তি লাভ কৰাত খোদ অইলৰ বিষয়াই বাধা প্ৰদান কৰি আহিছে বুলি অভিযোগ কৰে । এইক্ষেত্ৰত বিশেষ এটা চক্ৰক লাভাম্বিত কৰাৰ বাবে নিবিদা লাভ কৰাৰ পিচতো বাহন নিযুক্ত নকৰি অইলৰ বিভাগীয় বিষয়াই নিজে প্ৰস্তুত কৰা নীতি নিজে ভংগ কৰি স্থানীয় নিবনুৱাৰ ভাত মৰাৰ ষড়যন্ত্ৰ কৰা বুলিও আটাছুৱে সংবাদমেলত অভিযোগ কৰে । শেহতীয়াকৈ অইলে ঘোষণা কৰা টেংকাৰ নিবিদাৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত হোৱা বুলিও সংবাদমেলাত অভিযোগ কৰে । ছাত্ৰ সংগঠনটোৱে এই সৰ্ন্দভত মুখ্যমন্ত্ৰীক এখন স্মাৰকপত্ৰ প্ৰদান কৰিব বুলিও সংবাদমেলত জানিবলৈ দিয়ে । লগতে উল্লেখিত বিষয় সমূহৰ সমাধানৰ বাবে আটাছুৰ সংবাদমেলৰ যোগেদি অইল কৰ্তৃপক্ষক সাতদিনৰ সময়সীমা বান্ধি দিছে । অন্যথা পৰৱৰ্তী সময়ত সৰ্বাত্মক অইল অৱৰোধ কৰাৰ লগতে জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ প্ৰদান কৰে ।
অইল ইণ্ডিয়া লিমিটেডৰ বাহন নিবিদা-চালক নিযুক্তিত ব্যাপক দুৰ্নীতি : সৰৱ সদৌ টাই আহোম ছাত্ৰ সন্থা

