Breaking

ভাতনাপাইতিত পঞ্চায়তী কামত ব্যাপক দুৰ্নীতি।

0 1,035

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত ৭০ নং ধৰ্মপুৰ ভাতনাপাইতি গাওঁ পঞ্চায়তত চতুৰ্দশ বিত্তীয় বৰ্ষৰ কামত পঞ্চায়তখনৰ সভাপতি বছিৰ উদ্দিনে ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি ৰাইজে সভাপতি গৰাকীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাৱস্ত্য কৰে। ৰাইজৰ অভিযোগ মতে মজিবৰ ৰহমানৰ ঘৰৰ পৰা চিৰাজ উদ্দিনৰ ঘৰলৈ যোৱা পথৰ মেৰামতিৰ নামত পঞ্চায়তৰ ধন ব্যয় দেখুৱাইছে ৩৩ লাখ টকা পিছে পথচোৱা মেৰামতিত মাত্ৰ পাঁচৰ পৰা সাত লাখ টকা খৰচ কৰি বাকী সমূদায় ধন পঞ্চায়ত সভাপতি গৰাকীয়ে আত্মসাৎ কৰাৰ অভিযোগ তুলিছে ৰাইজে। পঞ্চায়তৰ প্ৰায়ভাগ কামতেই পঞ্চায়ত সভাপতি বছিৰ উদ্দিনে সীমাহীন দুৰ্নীতি কৰা বুলি একাংশ সচেতন ৰাইজে অভিযোগ উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ সাৱস্ত্য কৰে। বছিৰ উদ্দিনৰ দুৰ্নীতি নচলিব, পঞ্চায়ত সভাপতি বছিৰ উদ্দিন হায় হায়, পঞ্চায়তৰ কামত হোৱা দুৰ্ণীতিৰ তদন্ত হব লাগিবই, পঞ্চায়ত সভাপতিৰ মইমতালি নচলিব আদি বিভিন্ন শ্ল-গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। পঞ্চায়ত সভাপতি বছিৰ উদ্দিনৰ দুৰ্নীতিৰ বিৰুদ্ধে বিভাগীয় ভাৱে বাৰম্বাৰ অভিযোগ দিছিল যদিও হাতদীঘল সভাপতি গৰাকীয়ে ধনৰ বিনিময়ত সকলো মেনেজ কৰিছে বুলি একাংশই অভিযোগ কৰে। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দুৰ্নীতি পৰায়ন পঞ্চায়ত সভাপতি বছিৰ উদ্দিনৰ দুৰ্নীতিৰ তদন্ত কৰি দোষীক উচিত শাস্তিৰ দাবী জনাইছে ৰাইজে।

Leave A Reply