Breaking

নিজ পত্নী কন্যাক কুঠাৰেৰে ঘপিয়াই হত্যা

0 281

বৰপেটাত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷

নিজ পত্নী-কন্যাক কুঠাৰেৰে ঘপিয়াই হত্যা ৷

হত্যাৰ বলি বিনীতা দাস আৰু হিয়া দাস ৷

বৰপেটাৰ গান্ধী নগৰত সংঘটিত হয় এই লোমহৰ্ষক হত্যাকাণ্ড ৷

স্বামী ঋষভ দাসে অতি নৃশংভাৱে ঘপিয়াই ঘপিয়াই হত্যা কৰে পত্নী বিনীতা আৰু কন্যা হিয়া দাসক ৷

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত বৰপেটা আৰক্ষী ৷

হত্যাত অভিযুক্ত ঋষভ দাসক কৰায়ত্ব আৰক্ষীৰ ৷

বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহা ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে ঘটনাৰ তদন্ত ৷

পাৰিবাৰিক সংঘাতৰ বাবেই ঘটনাতো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ৷

উল্লেখ্য যে, প্ৰায় ৮ বছৰ পূৰ্বে নিজ ভনীয়েক এগৰাকীকো দাৰে আক্ৰমণ কৰি হাতৰ কেবাটাও আঙুলি চেদ কৰিছিল অভিযুক্ত ঋষভ দাসে ৷

উল্লেখ্য বৰপেটাৰ গান্ধী নগৰত এখন ষ্টেচনেৰী দোকান আছে ঋষভ দাসৰ৷

Leave A Reply