Breaking

কুখ্যাত গুণ্ডাৰ ৰূপত পি এইচ ইৰ কাৰ্যবাহী অভিযন্তাৰ পত্নী।

0 2,016

ৰাজ্যত ক্ৰমাৎ যেন বৃদ্ধি পাইছে সাংবাদিকক অপদস্থ, প্ৰহাৰ কৰা ঘটনাৰ অঘোষিত প্ৰতিযোগিতা। সাংবাদিকৰ ওপৰত দালাল, মধ্যভোগী, মাফিয়া, দস্যু, চোৰৰ ভয় ভাবুকি, আক্ৰমণৰ ঘটনা ঘটি থকা সময়তে  বৰপেটাত ঘটিল এক ব্যতিক্ৰমী আক্ৰমণৰ ঘটনা। সাংবাদিকক দুৰ্ব্যৱহাৰ কৰি সাংবাদিকৰ মোবাইল কাঢ়ি নিয়ে অভিযন্তাৰ পত্নীয়ে। বৰপেটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ পত্নীৰ গুণ্ডাগিৰিৰ কাৰ্যই জিলাখনৰ সচেতন মহল , সাংবাদিকৰ লগতে দল সংগঠনে তীব্ৰ অসন্তুষ্টিৰ লগতে ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে। ধন আৰু ক্ষমতাৰ বলত বলীয়ান হৈ কাৰোকে কেৰেপ নকৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা বিজিত দত্তৰ বিৰুদ্ধে আছে তিনি শ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ। ১০ নৱেম্বৰত বিয়লি প্ৰায় ৪ বজাত বৰপেটাৰ সক্ৰিয় সাংবাদিক আজিজুল হকে লগত ব্যক্তিগত কেমেৰা পাৰ্ছনক লৈ কাৰ্যালয়ৰ ফলকৰ কিছু দৃশ্যাংশ বাহিৰৰ পৰা সংগ্ৰহ কৰে। তেনে সময়তে কুখ্যাত গুণ্ডাৰ ৰূপত আহি কাৰ্যবাহী অভিযন্তাৰ পত্নী গৰাকীয়ে উদ্ভণ্ডালি কৰিবলৈ ধৰে। কাৰ্যবাহী অভিযন্তাৰ পত্নীয়ে তেওঁৰ আবাস গৃহৰ পৰা ওলাই আহিয়েই কাক সুধি ভিডিঅ কৰিছা, কিয় ভিজুৱেল লৈছা, ভিতৰলৈ সোমাই আহ, জেলত ভৰাই থম আদি বুলি কৈ কেমেৰা পাৰ্ছন আদিত আলীক টানিবলৈ অপচেষ্টা চলায়। তাৰ পিছতে তেওঁ কেমেৰা পাৰ্ছনৰ মোবাইল ফোনটো কাঢ়িবলৈ অপচেষ্টা চলাই বিফল হৈ কেমেৰা পাৰ্ছনক ঠেলিয়াই দি সাংবাদিক আজিজুল হকৰ চাৰ্টৰ ওপৰৰ জেপত থকা মোবাইলতো অকস্মাতে কাঢ়ি নিয়ে। বাইকখনো বগৰাই পৰে । এই ঘটনাত হতবাক হৈ পৰে সাংবাদিক গৰাকী। দূৰ্নীতিগ্ৰস্ত কাৰ্যবাহী অভিযন্তা বিজিত দত্তৰ পত্নীয়ে অভব্য আচৰণ কৰি অকস্মাতে বৰপেটাৰ সাংবাদিক আজিজুল হকৰ ওপৰৰ পকেটত থকা এন্দ্ৰইড্ মোবাইল এটি কাঢ়ি নিয়ে তাৰ পিছত জেলত ভৰোৱাই থোৱাৰ ভাবুকি প্ৰদান কৰে। ইপিনে বিজিত দত্ত আৰু তেওঁৰ পত্নীয়ে ফোনযোগে ভাড়াতীয়া গুণ্ডাবাহিনীক মাতি আনি আক্ৰমণ চলাবলৈ অপচেষ্টা কৰে যদিও অভিযন্তা বিজিত দত্তয়ে বৰপেটা আৰক্ষীক খবৰ কৰাত আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হোৱাত আৰক্ষীৰ হস্তক্ষেপতাত কোনোমতে প্ৰাণ ৰক্ষা পৰে সাংবাদিক আজিজুল হকৰ লগতে সহকৰ্মী আদিতৰ। এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে আজুৰ বৰপেটা জিলা সমিতিৰ কাৰ্যকৰী সভাপতি, ইণ্ডিয়ান জাৰ্নেলিষ্ট এছচিয়েছন বৰপেটা জিলা সমিতি, বৰপেটা জিলা ডিজিটেল সাংবাদিক সন্থা, বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱ, জনীয়া প্ৰেছ ক্লাৱ , মন্দিয়া প্ৰেছ ক্লাৱ, কলগাছিয়া মহকুমা সাংবাদিক সংস্থা, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, নিখিল ভাৰত কৃষক সভা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি লগতে বিভিন্ন দল সংগঠন আৰু সচেতন মহলে। সাংবাদিকক অপদস্থ কৰা বিষয়া গৰাকীৰ পত্নীৰ উদ্ভণ্ডালিৰ বিৰুদ্ধে জিলা প্ৰশাসনক উচিত ব্যৱস্থা লোৱাৰ দাবী জনাইছে। সাংবাদিকৰ কেমেৰা কাঢ়ি নিয়াৰ অধিকাৰ কত পালে বুলি কৈ সাংবাদিকৰ সুৰক্ষা সুনিশ্চিত নোহোৱালৈকে এইদৰে সাংবাদিকসকল প্ৰহাৰিত হৈ থাকিব লাগিব বুলি প্ৰশ্ন উত্থাপন কৰিছে। ইপিনে এই ঘটনা সন্দৰ্ভত  উচিত বিচাৰ কৰি উপযুক্ত শাস্তি দিবলৈ দাবী জনাই ভূক্তভোগী সাংবাদিক আজিজুল হক আৰু সহকৰ্মী আদিত আলীয়ে কেইবাগৰাকীও সাংবাদিকৰ সৈতে জিলা উপায়ুক্তক সাক্ষাৎ কৰি এক লিখিত আবেদন দাখিল কৰিছে। 

Leave A Reply