নিজ স্বামীয়ে পত্নীক পৰ পুৰুষৰ ওচৰত বিক্ৰী কৰি দিয়াৰ গুৰুতৰ অভিযোগ পত্নীৰ

ধুবুৰীৰ এগৰাকী মহিলাই একাংশ সংবাদ মাধ্যমৰ কেমেৰাৰ আগত কান্দি কান্দি মন্তব্য দিছিল নিজ স্বামীয়ে পত্নীক পৰ পুৰুষৰ লগত ১ লাখ ২০ হাজাৰ টকাত বিক্ৰী কৰি দিয়াৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছিল ।

ইয়াৰ পাছত মহিলাগৰাকীৰ নিজ স্বামীয়ে গৰজি উঠিল আৰু ঘটনাৰ আচল ৰহস্য তথ্য সহকাৰে আজি ফাদিল কৰিলে ।

উল্লেখ যে পাঁচ বছৰ পূৰ্বে ধুবুৰীৰ ভোগদহৰ অঞ্চলৰ ফকীৰচান্দৰ কন্যা সাহিদা খাতুনৰ ইছলামীক নীতি নিয়ম অনুসৰি বিবাহ সম্পন্ন হয় ভাসানীৰ চৰ গাঁও পঞ্চায়তৰ অয়ৰান জংলা প্ৰথম খণ্ড গাঁওৰ বাসিন্দা মহৰ আলীৰ পুত্ৰ মালেক উদ্দিনৰ সৈতে। দুয়োৰে বৈবাহিক জীৱনৰ সাক্ষী হিচাপে জন্ম লয় এগৰাকী কন্যা সন্তান ।

কিন্তু যোৱা পাচ মাহ পুৰ্বে স্বামীৰ পৰিয়ালে যায় দিল্লীলৈ। দিল্লীত থকা আত্মীয় স্বজনৰ ঘৰলৈ যোৱাৰ পাছত স্বামী মালেক উদ্দিনৰ জীৱনলৈ নামি আহিল ঘোৰ অমানিশা । দিল্লীৰ আত্মীয়ৰ ঘৰত প্ৰায় দুই মাহ মান থকাৰ পিছত দিল্লীৰ এগৰাকী যুবকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। ইয়াৰ পাছত দিল্লীত থকা কোম্পানী এটাত কামৰ সূত্ৰে আত্মীয় স্বজনৰ ঘৰৰ পৰা ওলাই যায় যদিও মালেক উদ্দিনৰ মোবাইল ফোনত এটা ফোন আহিছিল আৰু ফোনকলটো মালেকৰ আত্মীয়ৰ ঘৰৰ পৰাই কৰিছিল যে তোমাৰ পত্নী সাহিদা খাতুনক সন্ধানহীন ।

তেতিয়াই মালেকৰ পৰিয়ালৰ লগতে আত্মীয় সকলে দিল্লীৰ বিভিন্ন ঠাইত বিচাৰি হতাশা হৈ পৰিছিল মালেকৰ পৰিয়ালে । পিছে উপায়হীন হৈ মালেক উদ্দিনে দিল্লীৰ ৰোহিনী জিলাৰ কানজাৱালা আৰক্ষী চকীত গৈ তেওঁৰ পত্নী নিৰুদ্দেশ হোৱা বুলি ইং ৫/৩/২০২২ তাৰিখত এখন লিখিত ভাবে অভিযোগ দাখিল কৰিছিল। ইয়াৰ পাছত কেবাদিন পূৰ্বে পুনৰ হঠাৎ মালেকৰ মোবাইল ফোনত এটা ফোনকল আহিল আৰু সেই ফোন কলটো আছিল তেওঁৰ পত্নী সাহিদা খাতুনৰ মই আৰু তোমাৰ কাষত নাযাও তুমি মোক ফোন কেতিয়াও নকৰিবা ,তুমি আমাৰ দেউতাকৰ ঘৰৰ মোবাইল নম্বৰ দিয়া, মই অকলে আহিছোঁ তোমাৰ কোনো দোষ নাই, নম্বৰ দিয়া আমি আমাৰ বাইদেউ আফ্ৰুজাক কৈ দিম তোমাৰ কোনো দোষ নাই, এইদৰে সাহিদা খাতুনে তাইৰ স্বামী মালেক উদ্দিনক জনালে-

প্ৰকৃততে সাহিদাই হিন্দু সম্ৰদায়ৰ যুৱক এজনৰ হিন্দু নিয়ম অনুযায়ী বিবাহ পাতে। ইয়াৰ উপৰিও তেখেতে কয় যে মই আইনক সন্মান জনাও লগতে একাংশ সংবাদ মাধ্যমক সন্মান জনাও,যদি মই দোষী সাব্যস্ত হও তেনেহলে আইনৰ যি ব্যৱস্থা হয় সেয়া আমি স-ইচ্ছায় মানি লম আৰু ঘটনাৰ সন্দৰ্ভত আচল ৰহস্য সঠিক ভাবে তদন্ত কৰি দোষীক উচিত শাস্তিৰ দাবী জনায়ছে । অৱশ্যে পৰৱৰ্তী সময়ত তদন্তৰ পিছতহে ওলাই পৰিব কোন সচাঁ কোন মিচা ।

Related Articles