লোহাৰঘাটত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ পোৱালি মৃত্যু

পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ হানাপাৰাৰ নিচেই কাষতে থকা কাৱাচিং পাহাৰত দুদিন পূৰ্বে এটি আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ পোৱালি উদ্ধাৰ হৈছিল। জানিব পৰা মতে, প্ৰায় ৩/৪ বছৰীয়া আঘাতপ্ৰাপ্ত বনৰীয়া হাতী পোৱালিটো স্থানীয় লোকে প্ৰত্যক্ষ কৰি জনোৱা অনুসৰি গভীৰ অৰণ্যৰ পৰা ওচৰতে থকা বিল এখনলৈ নিশা বনৰীয়া হাতীৰ জাক গা-ধুবলৈ আহে ৷ পিছে পুৱতি নিশা উভতি যোৱাৰ সময়ত হাতীৰ জাকটোৱে পোৱালিটোক আক্ৰমণ কৰাৰ ফলতেই পাহাৰৰ ওপৰৰ পৰা তললৈ বাগৰি পৰাত এনেদৰে পোৱালিটো আঘাতপ্ৰাপ্ত হোৱা বুলিও সন্দেহ প্ৰকাশ কৰিছে। স্থানীয় লোকৰ তৎপৰতাত বৰদুৱাৰ ভোলাগাঁৱ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ নেতৃবৰ্গ তথা কুলশী বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া দীপন ডেকাৰ নেতৃত্বত বন বিভাগৰ লোক উপস্থিত হৈ পশু চিকিৎসকৰ দ্বাৰা পোৱালিটোক দুদিন ধৰি চিকিৎসা প্ৰদান কৰি সুস্থ কৰাৰ চেষ্টা চলাইছিল যদিও হাতীৰ পোৱালীটোক বচাব নোৱাৰিলে। অৱশেষত কালি হাতীটোৰ মৃত্যু ঘটাত মৰণোত্তৰ পৰীক্ষাৰ অন্তত পুতি থোৱাৰ ব্যৱস্থা কৰা বুলি বন বিভাগে জানিবলৈ দিয়ে।

Related Articles