Breaking

মৰিগাঁৱত বনৰীয়া হাতীৰ তাণ্ডৱ…

0 111

মায়ঙৰ গড়জান গাগলমাৰীত বনৰীয়া হাতীৰ তাণ্ডৱ। মৰিগাঁও জিলাৰ মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত গড়জান গাগলমাৰী গাঁৱত ৰাতি পুৱা ৭ বজাত এজনী মাইকী হাতী তাৰ লগত পুৱালী এটা লৈ হঠাৎ উপস্থিত হৈ এটি ছাগলীক আক্ৰমণ কৰে ।

আৰু আন এখন ঘৰৰ বিভিন্ন অংশ ভাঙি-চিঙি লণ্ড-ভণ্ড কৰে।লগে লগে গাঁৱৰ চাৰিওফালে হুলস্থলীয়া পৰিৱেশ আৰাম্ভ হয়। লগে লগে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক উপস্থিত হয় আৰু হাতীটো গুৰাই নিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

Leave A Reply