ঘুৰাই পাব IPLৰ টিকটৰ ধন! দুদিনৰ ভিতৰত ঘূৰাই দিয়া হ’ব IPLৰ বাতিল হোৱা খেলৰ টিকটৰ মূল্য…

দেওবাৰে বৰষাপাৰাত অনুষ্ঠিত হোৱা ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছৰ আই পি এল খেলখন বৰষুণৰ বাবে শেষ মুহূৰ্তত বাতিল কৰিবলগীয়া হয়। এনে পৰিস্থিতিত মানুহৰ মনত প্ৰশ্ন সৃষ্টি হৈছে যে হাজাৰ হাজাৰ টকা খৰচ কৰি মেচৰ টিকট কিনা সকলে টিকটৰ ধন ঘূৰাই পাবনে?

আইনগতভাৱে টিকট ক্ৰয় কৰাসকলে টিকটৰ ধনৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নাই। BookMyShow ৰ জৰিয়তে অনলাইন বা অফলাইনত টিকট ক্ৰয় কৰা দৰ্শকে নিয়ম অনুসৰি টিকটৰ মূল্য ঘূৰাই পাব। চিটী চেণ্টাৰ, নেহৰু ষ্টেডিয়াম আৰু ছাউথ পইণ্ট স্কুলত দিয়া হ’ব অফলাইন টিকটৰ মূল্য। দুদিনৰ ভিতৰতে ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব অসম ক্ৰিকেট সন্থাই।

যি সকলে বৈধভাৱে টিকট ক্ৰয় কৰিছিল সেইসকলেহে ঘূৰাই পাব ধন। যিসকলে ক’লা বজাৰত টিক ক্ৰয় কৰিছিল তেওঁলোকে ঘূৰাই নাপাব এই ধন।

Related Articles