Breaking

ন্যায় পাবনে পংখীয়ে? পংখী সন্দিকৈৰ ন্যায়ৰ দাবীত আটাছুৰ ডিমৌত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে উত্তাল প্ৰতিবাদ, নিষ্ঠুৰ নীতিকেশ দাসক ফাঁচীৰ দাবী…

0 18

সামাজিক ৰীতি নীতিয়ে আজিৰ পৰা ছমাহৰ পূর্বে বিবাহ পাশত আৱদ্ধ হোৱা পিছতে পংখী সন্দিকৈক দানৱৰূপী নিষ্ঠুৰ স্বামীয়ে গাৰ পৰা মাহ শালধীৰ গোন্ধ নাযাঁওতেই অতি বৰ্বৰোচিত অত্যাচাৰত জীৱন বন্তি নুমোৱাই পেলোৱা  মেধাবী ছাত্ৰী গৰাকী হত্যাৰ ন্যায় বিচাৰি আজি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত  নিতাইপুখুৰী আৰু ডিমৌবাসী ৰাইজৰ সহযোগত ডিমৌ চাৰিআলিৰ মাজমজিয়াত দিনৰ বাৰ বজাৰপৰা একবজালৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে এক বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ প্ৰায় দুই শতাধিকৰো অধিক পুৰুষ-মহিলাই হাতে হাতে প্লে-কাৰ্ড লৈ পংখী সন্দিকৈ হত্যাকাৰীক  ফাঁচি দিয়ক , হত্যাকাৰী নীতিকেশ দাসক চাকৰিৰ পৰা বৰ্খাস্ত কৰক , ধনৰ বিনিময়ত অপৰাধী পক্ষ লোৱা আৰক্ষী বিষয়াক বৰ্খাস্ত কৰক , আমাক ন্যায় লাগিবই ,সমগ্র ঘটনা চিবিআইৰ দ্বাৰা তদন্ত কৰক, নাৰীৰ জীৱন সুৰক্ষা কৰক আদি একাধিক শ্লোগানাৰে ডিমৌৰ আকাশ বতাহ উত্তাল কৰি তোলে৷ আটাছু নেতা সুমিত কুমাৰ সন্দিকৈয়ে আঁত ধৰা প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্রীয় সভাপতি বসন্ত গগৈয়ে কয় যে এই ন্যায় প্ৰক্ৰিয়াত চূড়ান্ত গাফিলতি হৈছে৷হত্যাকাণ্ডটোক আত্মহত্যাৰ ৰূপ দিয়া হৈছে৷ দুখীয়া পৰিয়ালটোক ন্যায়ৰপৰা বঞ্চিত কৰা হৈছে৷ নামৰূপ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলকমল বৰুৱা আৰু উপ-আৰক্ষী অধিক্ষক দ্ৰোণকান্ত দেউৰীয়ে গোটেই ঘটনাটোক বৃহৎ ধনৰ বিনিময়ত আত্মহত্যাৰ ৰূপ দিবলৈ প্ৰয়াস কৰিছে বুলিও গুৰুত্বৰ অভিযোগ উঠিছে৷ যাৰবাবে আটাছু ক্ষুণ্ণ হৈ পৰিছে৷ আটাছু সভাপতি জনে গোটেই ঘটনাটো অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু ডিজিপিৰ হস্তক্ষেপ কামনা কৰাৰ লগতে দোষী আৰক্ষী বিষয়া দুজনক চাকৰিৰপৰা নিলম্বন কৰিবলৈ দাবী জনায়৷

আনহাতে মূল অভিযুক্ত নীতিকেশ দাসক চাকৰিৰপৰা নিলম্বন কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ চৰকাৰক দাবী জনায়৷ প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অজয় কুমাৰ গগৈয়ে পংখী সন্দিকৈ হত্যাকাণ্ডত গভীৰ উদ্বেগ প্ৰকাশ কৰি ঘটনাৰ দোষী যাতে আইনৰ সুৰুঙাৰে বাচি যাব নোৱাৰে তাক নজৰ দিবলৈ দাবী জনায়৷প্ৰদেশ কংগ্ৰেছৰ সম্পাদকজনে এইক্ষেত্ৰত মূল অভিযুক্তৰ আত্মীয় আৰক্ষীৰ লগত সু-সম্পৰ্ক থকাৰ সুবাদত ঘটনা অন্য দিশত নিব পাৰে বুলিও অভিযোগ কৰে৷অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ  সভাপতি যাদৱ গগৈয়ে নীতিকেশ দাস নামৰ শিক্ষকৰূপী অপৰাধীটোৱে  পৰিকল্পিতভাৱে পংখী  সন্দিকৈক হত্যা কৰিছে বুলি মন্তব্য কৰে৷নেতাজনে এইক্ষেত্ৰত দোষীক ফাৰ্ষ্টটেক আদালতত বিচাৰ কৰি কঠোৰ শাস্তি বিহিবলৈ দাবী জনায়৷আনহাতে মুখ্যমন্ত্ৰী আৰু ডিজিপক ঘটনাটো গুৰুত্ব সহকাৰে লৈ দোষীক ফাঁচী দিবলৈ দাবী জনায়৷ প্ৰতিবাদী কাৰ্যসূচীত উপস্হিত হোৱা মৃত পংখী সন্দিকৈৰ ভগ্নী ময়ুৰী সন্দিকৈয়ে নামৰূপ থানাৰ আৰক্ষী বিষয়া জনৰ শ্ৰুতলিপি অনুসৰি  আত্মহত্যা বুলি এজাহাৰত লিখিবলৈ বাধ্য কৰা বুলি সাংবাদিকৰ আগত উল্লেখ কৰে৷মোৰ বায়ে কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে বুলিও  কয়৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলাৰ সাধাৰণ সম্পাদক পলাশ ৰাজকোঁৱৰে পংখী সন্দিকৈ হত্যা অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰি চিবিআইৰ তদন্ত কৰিবলৈ দাবী জনায়৷ইফালে প্ৰায় এক ঘণ্টা জোৰা প্ৰতিবাদৰ অন্তত আটাছু শিৱসাগৰ জিলা সভাপতি অখিল আহোম , কাৰ্যকৰী সভাপতি তপন চেতিয়া , যুটীয়া সম্পাদক দেৱজিৎ চাংমাই আৰু পাৰ্থ গগৈ স্বাক্ষৰিত এখন স্মাৰকপত্ৰ দণ্ডাধীশ বৰ্ণালী হাতীৱাৰা হাতত অৰ্পণ কৰে৷স্মাৰকপত্ৰত উল্লেখ কৰা অনুসৰি ডিমৌ ৰাজহ চক্ৰৰ নিতাইপুখুৰী দুৱৰিছিগা গাঁৱৰ ভৈৰৱ সন্দিকৈ আৰু দীপিকা সন্দিকৈৰ উচ্চ শিক্ষিতা কন্যা পংখী সন্দিকৈক চৰাইদেউ জিলাৰ সাপেখাঁতী ১নং কঠীয়া খুন্দা নিবাসী নীতিকেশ দাস পৰিকল্পিতভাৱে হত্যা কৰি এক জঘন্য কাণ্ড সংঘটিত কৰিলে৷শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিত আত্মনিয়োগ হৈ সমাজ গঢ়াৰ পণ লোৱা শিক্ষকৰূপী এই দানৱজনৰ বিৰুদ্ধে এক দৃষ্টান্তমূলক শাস্তি দিবলৈ দাবী জনায়৷

আনহাতে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা  স্মাৰকপত্ৰত উল্লেখ কৰা তিনিটা দাবী ক্ৰমে হত্যাকাৰী নীতিকেশ দাসক অতিশীঘ্ৰে চাকৰিৰপৰা বৰ্খাস্ত কৰি ফাষ্টটেক আদালতত বিচাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান, নামৰূপ থানাৰ তদন্তকাৰী বিষয়া নীলকমল বৰুৱা, উপ আৰক্ষী অধীক্ষক দ্ৰোণকান্ত দেউৰীয়ে ধনৰ বিনিময়ত হত্যাকাৰী পক্ষ লৈ হত্যাকাণ্ডটোক আত্মহত্যা ৰূপ  দিবলৈ কৰা যত্নক গৰিহনা দি দুই আৰক্ষী বিষয়াক চাকৰিৰ পৰা নিলম্বন কৰা আৰু তৃতীয়তে পংখী সন্দিকৈ দৰিদ্ৰ পৰিয়ালটোক চৰকাৰী সাহাৰ্য দিবলৈ দাবী জনায়৷ইফালে সাতদিনৰ ভিতৰত দাবীসমূহ পূৰণ ন’হলে ৰাইজৰ সহযোগত শিৱসাগৰ জিলা বন্ধ  আৰু পিছৰ পৰ্যায়ত অসম বন্ধৰ দৰে কাৰ্যসূচীও গ্ৰহণ কৰা হ’ব বুলি স্মাৰকপত্ৰত উল্লেখ কৰে৷ স্মাৰকপত্ৰৰ প্ৰতিলিপি অসম আৰক্ষী সঞ্চালক প্ৰধানলৈ প্ৰদান কৰা হয়৷ আজি প্ৰতিবাদী কাৰ্যসূচীত পংখী সন্দিকৈৰ পিতৃ ভৈৰৱ সন্দিকৈ, মাতৃ দিপীকা সন্দিকৈ, সন্মিলিত নাৰী অধিকাৰ সুৰক্ষা মঞ্চ, অসমৰ সমন্বয়ক জীনা বৰুৱা বৰা মুখ্য সমন্বয়ক মন্ত্ৰী বৰাকে ধৰি একাধিক জাতীয়-জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে৷

Leave A Reply