Breaking

দ্বিতীয়বাৰৰ বাবে পাকিস্তানৰ প্ৰধানমন্ত্ৰী হ’ব নেকি শ্বাহৱাজ শ্বৰীফ! আজি পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰীৰ নিৰ্বাচন…

0 20

প্ৰধানমন্ত্ৰীৰ পদৰ বাবে ৭২ বছৰীয়া শ্বেহবাজ শ্বৰীফক মনোনীত কৰিছে পাকিস্তান মুছলিম লীগ-নৱাজে। কাৰাগাৰত বন্দী প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পিটিআই প্ৰাৰ্থী ওমৰ আয়ুব খান। বৃহস্পতিবাৰে পাকিস্তানৰ ৰাষ্ট্ৰীয় বিধানসভাৰ সচিবালয়ে দেশৰ নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে। পাকিস্তান মুছলিম লীগ-নৱাজৰ নেতা শ্বেহবাজ শ্বৰীফক দেওবাৰে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পাকিস্তানৰ প্ৰধানমন্ত্ৰী পদৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত হৈছে। পাকিস্তান মুছলিম লীগ-নৱাজে প্ৰধানমন্ত্ৰীৰ পদৰ বাবে ৭২ বছৰীয়া শ্বেহবাজ শ্বৰীফক মনোনীত কৰিছে। আনহাতে ওমৰ আয়ুব খান কাৰাগাৰত বন্দী প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পাকিস্তান তেহৰিক-ই-ইনছাফ (পিটিআই) দলৰ প্ৰাৰ্থী।

আপোনালোকক কওঁ যে যোৱা ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত পিটিআই দলৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীয়ে সৰ্বাধিক ৯৩ খন আসন লাভ কৰিছে ৰাষ্ট্ৰীয় বিধানসভাত। পিএমএল-এনে ৭৫খন আৰু পিপিপিয়ে ৫৪খন আসন লাভ কৰে। মুত্তাহিদা কৌমি আন্দোলন পাকিস্তানে ১৭খন আসন লাভ কৰিছিল।

Leave A Reply