Breaking

গোগামুখত ২০ কোটি টকাৰ বিকাশ যাত্ৰাৰ কাম শুভাৰম্ভঃ গোগামুখ মহাবিদ্যালয়ৰ গেলাৰী নিৰ্মাণৰ বাবে ২ কোটি টকা ঘোষণা শিক্ষা মন্ত্ৰীৰ…

0 23

অসমৰ জনগনৰ সৰ্বাংগীন বিকাশৰ বাাবে আমাৰ বিজেপি নেতৃত্বাাধীন ৰাজ্য চৰকাৰে অহৰহ কাম কৰি আহিছে ৷  শিক্ষা, যাতায়াত উন্নয়নৰ ক্ষেত্ৰত চৰকাৰখনে আমূল পৰিবৰ্তন আনিব পাৰিছে ৷ শিক্ষিত  নিৱনুৱা  সমস্যা সমাধানৰ বাবে চৰকাৰে ১ লাখ লোকক চাকৰিত নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল আৰু এই প্ৰতিশ্ৰুতি পূৰ্ণ হোৱাৰ পথা ৷ আগন্তুক দিনত ৩৫ হাজাৰ নিৱনুৱাক নিযুক্তি দিবলৈ আমাৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই মন্তব্য অসম চৰকাৰৰ শিক্ষা,  ভৈয়াম জনজাতি পৰিক্ৰমা, খিলঞ্জীয়া আৰু জনজাতি বিশ্বাস আৰু সংস্কৃতি দপ্তৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ৷ ধেমাজি জিলাৰ গোগামুখস্থিত আবতানি লত্তাত আজি অনুষ্ঠিত হোৱা অসম চৰকাৰৰ বিকাশ যাত্ৰাত অংশগ্ৰহণ কৰি তেওঁ এইদৰে কয় ৷  তেওঁ কয়- মহিলা উন্নতিৰ বাবে অসম চৰকাৰে সুদূৰপ্ৰসাৰী ভূমিকা পালন কৰিছে ৷ অৰুনোদয়, অন্তোদয়া, বি পি এল গেছ, মহিলা আত্মসহায়ক গোটসমূহক ঋণমুক্ত সাহায্য, উদ্যমী মহিলাসকলক বিশেষ সাহায্য, ছাত্ৰীসকলৰ অধ্যয়নৰ বাবে গ্ৰহণ কৰা বিনামূলীয়া আঁচনিয়ে মহিলা সবলীকৰণক নতুন ৰূপ দিছে ৷ যাতায়াত  সন্দৰ্ভত তেওঁ কয়- ধেমাজি জিলাৰ বুটিকোৰৰ পৰা লখিমপুৰ জিলাৰ ঘিলামৰালৈ  আঁচনিৰ  ৫৫ কোটি ব্যয় সাপেক্ষে অসম মালাৰ অধীনত দুই লেনযুক্ত পথ নিৰ্মাণ কৰা হ’ব ৷  আজি পথচোৱাৰ আধাৰশিলা স্থাপন আমি কৰিলোঁ ৷ গোগামুখ-গেৰুকামুখ পথটো জৰাজীৰ্ণ হৈ থকাৰ বাবে জনসাধাৰণে যাতায়াতৰ ক্ষেত্ৰত অসুবিধা হৈছিল ৷

এই পথচোৱা পুনৰ নিৰ্মাণ হোৱাত ৰাইজৰ অসুবিধা দূৰ হৈছে ৷ তেওঁ লগতে কয়- বৃহত্তৰ গোগামুখ অঞ্চলৰ বাবে আমি ২০ কোটি টকাৰ আঁচনি গ্ৰহণ কৰিছিলোঁ ৷ তাৰে বহু আঁচনিৰ কাম সম্পূৰ্ণ হোৱাত আমি উক্ত আঁচনিসমূহৰ শুভ উন্মোচন কৰিছোঁ আৰু বহু আঁচনিৰ আধাৰশিলা স্থাপন কৰিছোঁ ৷ তাৰে ভধেমাজি জিলাৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান  গোগামুখ মহাবিদ্যালয়ৰ খেলপথাৰৰ দৰ্শকৰ গেলেৰী নিৰ্মাণৰ বাবে ২ কোটি টকা ধাৰ্য কৰিছোঁ ৷ খেলপথাৰখনত ইতিমধ্যে ২৫ লাখ টকা ব্যয় সাপেক্ষে খেলুৱৈৰ বাবে ট্ৰেক ফ্লিড নিৰ্মাণ  কৰি থকা হৈছে ৷  একেদৰে গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়, গোগামুখ মহাবিদ্যালয় ছাত্ৰী নিৱাস, গোগামুখ আবতানি লত্তাৰ বাণিজ্যিক প্ৰকল্প,  আবতানি লত্তাৰ মিউজিয়াম আদিৰ কাম শুভাৰম্ভ কৰা হৈছে ৷ ১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা গোগামুখ এন চি ডি মহাবিদ্যালয়ৰ শৈক্ষিকগৃহ নিৰ্মাণ সম্পূৰ্ণ হোৱাত আজি আমি শৈক্ষিক গৃহৰ শুভ উন্মোচন কৰিছোঁ ৷ এই সকলোবোৰ উন্নয়নমুখী যাত্ৰাৰ সাকাৰ ৰূপ দিছে অসমৰ কৰ্মপটু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মা ৷  তেওঁৰ নেতৃত্বত অসমত যি বিকাশৰ ৰথ অবিৰত যাত্ৰা আছে এই যাত্ৰাৰ সহযোগী আমাৰ অসমৰ জনগণ বুলি তেওঁ দোহাৰে ৷

আজিৰ অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া,  ধেমাজি জিলাৰ আয়ুক্ত অংকুৰ ভৰালী, ধেমাজি জিলা পৰিষদৰ প্ৰাক্তন সভাপতি মোহন গগৈ, শিক্ষামন্ত্ৰী ডাঃ পেগুৰ ব্যক্তিগত সহায়ক লক্ষীনন্দন গগৈ আদিয়ে বক্তব্য প্ৰদান কৰে ৷ অনুষ্ঠানত সহস্ৰাধিক লোক উপস্থিত থাকে৷ আজি শিক্ষামন্ত্ৰী ডাঃ পেগুৱে গোগামুখৰ পিছলা শালমাৰী, আমগুৰি আৰু বেতনিহোলাত তিনিখনকৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনি শুভাৰম্ভ কৰে ৷

Leave A Reply