Breaking

চেনিৰ সৈতে নে নিমখৰ সৈতে? কিহৰ সৈতে দৈ খাব লাগে জানেনে…

0 117

চেনিৰ সৈতে নে নিমখৰ সৈতে? কিহৰ সৈতে দৈ খাব লাগে জানেনে…। চেনি বা নিমখ কোনটো বেছি উপকাৰী? গ্ৰীষ্ম অহাৰ লগে লগে মানুহে খাদ্যাভ্যাসত বিভিন্ন সাল-সলনি কৰে। স্বাস্থ্য বিশেষজ্ঞৰ মতে, গৰমৰ দিনত দৈ, ঠাণ্ডা বস্তু খাব লাগে, লগতে পানীও যিমান পাৰি খোৱা উচিত। আপুনি লক্ষ্য কৰিছে নে বাৰু কিছুমান মানুহে চেনি দি দৈ খায় আনহাতে কিছুমানে নিমখ দি খায়। কিন্তু দুয়োটাৰ ভিতৰত কোনটো বেছি উপকাৰী জানেনে? কেতিয়া দৈ খোৱা উচিত? জানক ইয়াৰ বিষয়ে…

স্বাস্থ্য বিশেষজ্ঞৰ মতে যদি আপুনি দৈনিক নিমখৰ সৈতে মিহলি কৰি দৈ খায়, তেন্তে কফ সম্পৰ্কীয় সমস্যা হ’ব পাৰে। আনহাতে নিমখ মিহলাই দৈ খালে ডায়েবেটিছ ৰোগ দূৰ হয়। কিন্তু, উচ্চ ৰক্তচাপ ৰোগীয়ে দৈৰ লগত নিমখ মিহলাই একেবাৰে খাব নালাগে।


বহুতে দৈত চেনি মিহলী কৰি খাই ভাল পাই। স্বাস্থ্য বিশেষজ্ঞৰ মতে দৈত চেনি মিহলাই খালে শৰীৰৰ ওজন দ্ৰুতগতিত বৃদ্ধি পায়। ডায়েবেটিছ ৰোগীয়ে কেতিয়াও চেনি দি দৈ খাব নালাগে। দৈ খালে পেটৰ জ্বলা-পোৰা আৰু এচিডিটি আঁতৰাই ৰাখে।

দৈ খোৱাৰ উপযুক্ত সময় দুপৰীয়া। খাদ্য বিশেষজ্ঞ আৰু স্বাস্থ্য বিশেষজ্ঞৰ মতে, দুপৰীয়া দৈ খালে পেট ভালে থাকে। যদি আপুনি ৰাতি দৈ খায় তেন্তে আপুনি স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’ব পাৰে।

Leave A Reply