Breaking

অসমৰ চুকে-কোণে লুকাই থকা প্ৰতিভা সমূহক এখন মঞ্চ দিয়াৰ মানসেৰে ‘অসম সাংস্কৃতিক মহাসংগ্ৰাম ‘ শীৰ্ষক এক বিস্তৃত কাৰ্যসূচীৰ আয়োজন…

0 62

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অসমৰ চুকে-কোণে লুকাই থকা প্ৰতিভা সমূহক এখনি মঞ্চ দিয়াৰ মানসেৰে ‘অসম সাংস্কৃতিক মহাসংগ্ৰাম ‘ শীৰ্ষক এক বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰিছে।

আগন্তুক ৭ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখলৈ চলিব লগা এই কাৰ্য্যসূচীত জ্যোতি সংগীত, বিষ্ণু ৰাভা সংগীত, ৰবীন্দ্ৰ সংগীত, ভূপেন্দ্ৰ সংগীত, বিহু নৃত্য আৰু অসমৰ লোকনৃত্য(দলীয়)ত প্ৰতিভাধৰসকলে বয়স অনুযায়ী তিনিটা শাখাত অংশগ্ৰহণৰ ব্যৱস্থা কৰা হৈছে।

সোমবাৰে সমগ্ৰ ৰাজ্যৰ জিলা আয়ুক্তসকলৰ সৈতে এই অনুষ্ঠানৰ সম্পৰ্কত ভিদিও কনফাৰেন্সৰ জৰিয়তে এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত মিলিত হয় মন্ত্ৰী বিমল বড়া।

উক্ত, পৰ্যালোচনাত অনুষ্ঠানটো সৰ্বাংগসুন্দৰ ৰূপত আয়োজনেৰে সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা আৰু সমৰ্পিত সেৱা আগবঢ়াই যাবলৈ আহ্বান মন্ত্ৰী বিমল বড়াৰ।

পৰ্যালোচনাত আমাৰ সৈতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব ড° কল্যাণ চক্ৰৱৰ্তীৰ লগতে বিভিন্ন বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে।

Leave A Reply