Breaking

কঠোৰ হৈছে কেন্দ্ৰীয় চৰকাৰ-জন্মৰ প্ৰমাণপত্ৰ নাথাকিলে নাপাব চাকৰি, ড্ৰাইভিং লাইচেন্স,পাছপোৰ্ট, ভোটদানৰ অধিকাৰ…

0 58

জন্মৰ প্ৰমাণপত্ৰক লৈ এইবাৰ অধিক কঠোৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। তথ্য অনুসৰি, কেন্দ্ৰই সংসদৰ আগন্তুক অধিৱেশনত ১৯৬৯ চনৰ জন্ম পঞ্জীয়ন আইনত (BRD) সংশোধনী অনাৰ পৰিকল্পনা কৰিছে। প্ৰস্তাৱিত সংশোধনী অনুসৰি জীৱনৰ প্ৰায় সকলো ক্ষেত্ৰতে জন্মৰ প্ৰমাণপত্ৰ বাধ্যতামূলক হ’ব। চাকৰিৰ পৰা চৰকাৰী সেৱালৈকে জন্মৰ প্ৰমাণপত্ৰ নাথাকিলে একো সুবিধা পোৱা নাযাব।

বাতৰি অনুসৰি, কেন্দ্ৰই প্ৰস্তাৱিত সংশোধনীৰে শিক্ষানুষ্ঠানসমূহত নামভৰ্তি, ভোটাৰ তালিকাত নামভৰ্তি, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ চাকৰি, ড্ৰাইভিং লাইচেঞ্চ আৰু পাছপোৰ্টৰ বাবে জন্মৰ প্ৰমাণপত্ৰ থকাটো বাধ্যতামূলক কৰিব।

কেৱল জন্মৰ প্ৰমাণপত্ৰই নহয়, মৃত্যুৰ প্ৰমাণপত্ৰৰ ক্ষেত্ৰতো কঠোৰ হ’ব কেন্দ্ৰ। কোৱা হৈছে যে চিকিৎসালয়সমূহে মৃতকৰ আত্মীয়সকলক আগৰ দৰেই মৃত্যুৰ প্ৰমাণপত্ৰ দিব। ইয়াৰ লগতে মৃত্যুৰ কাৰণৰ সৈতে স্থানীয় প্ৰশাসনৰ ওচৰতো মৃত্যুৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব।

১৯৬৯ চনৰ জন্ম পঞ্জীয়ন আইন অনুসৰি জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন বাধ্যতামূলক। এনে নকৰাটো এটা শাস্তিযোগ্য অপৰাধ। কিন্তু তৎস্বত্ত্বেও বহুক্ষেত্ৰত দেখা যায় যে পৰিয়ালটোৱে জন্মৰ প্ৰমাণপত্ৰ বা মৃত্যুৰ প্ৰমাণপত্ৰ প্ৰস্তুত কৰাত অৱহেলা কৰে। সেই অৱহেলা পৰিহাৰ কৰিবলৈ সকলো ক্ষেত্ৰতে জন্মৰ প্ৰমাণপত্ৰ বাধ্যতামূলক কৰাৰ কথা বিবেচনা কৰা হৈছে। ইয়াৰ ফলস্বৰূপে লোকপিয়লৰ পৰা চৰকাৰী কাৰ্যসূচীৰ সুবিধা প্ৰদানলৈকে সকলো ক্ষেত্ৰতে সুবিধা হ’ব বুলি ধাৰণা কৰা হৈছে।

কেন্দ্ৰই দাবী কৰিছে যে বিধেয়কখন ৰাজ্য চৰকাৰ আৰু সাধাৰণ নাগৰিকৰ সৈতে আলোচনা কৰি অনা হৈছে। কিন্তু প্ৰশ্নটো হ’ল, যদি সকলো বোৰৰ বাবে জন্মৰ প্ৰমাণপত্ৰ বাধ্যতামূলক হয়, তেন্তে আধাৰ কাৰ্ডৰ কাম কি? ইমান তৎপৰতা গ্ৰহণ কৰি আধাৰ কাৰ্ডবোৰ কিয়  বনোৱা হ’ল?

Leave A Reply