Breaking

ডিমৌত ড্ৰাগছসহ আটক মহিলা

0 2,033

সমাজৰ ক্ষতিকাৰক ব্যৱসায় ড্ৰাগছ সৰবৰাহ আৰু বিক্ৰিৰ লগত জড়িত এগৰাকী মহিলা । ডিমৌ আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছৰ টেমাসহ দিহাজানৰ পৰা আটক কৰে । ডিমৌ আৰক্ষী থানাৰ পৰিৰ্দশক তথা ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ কুমাৰ শইকীয়া,দ্বিতীয় আৰক্ষী বিষয়া প্ৰফুল্ল শইকীয়া,উপ পৰিৰ্দশক প্ৰবীণ বে,দিলীপ বড়াৰ নেতৃত্বত যোৱা বৃহৎ আৰক্ষীৰ দলে ডিমৌ দিহাজানৰ জেকিয়া বেগমৰ বাসগৃহত অভিযান চলায় আৰু ১২৫,৮৫ গ্ৰাম ড্ৰাগছ আৰু ড্ৰাগছ ভৰোৱা বহু সংখ্যক টেমা জব্দ কৰে ।ডিমৌ আৰক্ষীয়ে ড্ৰাগছ বেহাৰ লগত জড়িত জেকিয়া বেগম আটক কৰি ডিমৌ থানালৈ আনি সোধা-পোছা অব্যাহত ৰাখিছে ।ডিমৌত  ড্ৰাগছৰ বেহা ব্যাপক হাৰত বৃদ্ধি পোৱাত ডিমৌ আৰক্ষী দল ড্ৰাগছৰ বেহা উৎখাত কৰিবলৈ তৎপৰতা প্ৰদৰ্শন কৰাত ডিমৌবাসী ৰাইজে সন্তোষ্টি প্ৰকাশ কৰিছে ।

Leave A Reply