Breaking

ৰঙিয়া ধুলাবড়ীত ট্ৰেইনৰ খুন্দাত মহিলাৰ মৃত্যু…

0 63

ৰঙিয়া ধুলাবড়ীত ট্ৰেইনৰ আগত পৰি খুন্দাত মহিলাৰ মৃত্যু । ৰবিবাৰে নিশা এক শোকাবহ দুৰ্ঘটনা সংঘটিত হয় ৰঙিয়াৰ সমীপৰ ধুলাবাড়িত ।

ছাগলী আনিবলৈ গৈ ৰেলৰ খুন্দাত এগৰাকী মহিলাৰ কৰুণ মৃত্যু হয় ।

মৃত মহিলাগৰাকীৰ নাম খাদিজা বেগম ।

ঘটনা অনুসৰি ৰবিবাৰে সন্ধিয়া ৫:৩০ মান বজাত ৰেল লাইনত লাগি থকা ছাগলী আনিবলৈ যাওতে গোৰেশ্বৰ দিশৰ পৰা ৰঙিয়া অভিমূখে গৈ থকা পেচেঞ্জাৰ গাড়ীখনৰ খুন্দাত মহিলাগৰাকীৰ লগতে তিনিটাকৈ ছাগলীৰ মৃত্যু হয় ।

উক্ত ঘটনাক লৈ অঞ্চলজুৰি এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে ।

Leave A Reply