Breaking

ওদালগুৰি জিলাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত মহিলা, আহত এজন…

0 22

ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত দিনে-নিশাই বন্যহস্তীৰ উপদ্ৰৱ সমস্যা সমাধানত ব্যৰ্থ বনবিভাগ।

ভাৰত-ভূটান সীমান্তত পুনৰ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এগৰাকী মহিলাৰ আনহাতে আহত এগৰাকী।

ভেৰগাঁৱৰ ভূটিয়াচাংত পুৱতি নিশা নিজ ঘৰতেই গছকি নিহত কৰে শ্ৰমিক মহিলাগৰাকীক।

ৰাজ্যত ৰঙালী বিহুৰ আনন্দ উলাহৰ মাজতে ভেৰগাঁৱৰ ভূটিয়াচাঙত শোকাৱহ ঘটনা । একেটা পৰিয়ালতে বন্যহস্তীৰ আক্ৰমণত নিহত এগৰাকী আৰু আহত এজন। গৰু বিহুৰ দিনটোতে বন্যহস্তীৰ আক্ৰমণত নিহত হয় গুমী ওৰাং (৫০) নামৰ এগৰাকী মহিলা আনহাতে আহত হয় মহিলাগৰাকীৰ স্বামী ৰাজু ওৰাং (৬০)। ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰ ৷ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত দিনে-নিশাই তীব্ৰ ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে। ভেৰগাঁৱৰ ভাৰত ভূটান সীমান্তত বন্যহস্তীৰ সন্ত্ৰাসত ত্ৰস্তমান জনতা ৷ গৰু বিহুৰ উচাহৰ মাজতে ভাৰত-ভূটান সীমান্তৰ ভেৰগাঁৱৰ ভূটিয়াচাঙৰ বাসুগাঁৱত সংঘটিত হ’য় শোকাবহ ঘটনা ৷ আজি পুৱাৰ ভাগতে সংঘটিত হয় এই শোকাৱহ ঘটনাটো। নিজ গৃহতে হাতীৰ গচকত নিহত হ’য় গুমী ওৰাং (৫০) নামৰ পঞ্চশোৰ্ধৰ মহিলা গৰাকী৷ পত্নীৰ প্ৰাণ বছাবলৈ গৈ হাতীটোৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হৈ চিকিৎসাধীন হৱলগীয়া হয় মহিলাগৰাকীৰ স্বামী ৰাজু ওৰাং৷

ইতিমধ্যে ৰাজু ওৰাং সংকটজনক অৱস্থাত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইফালে বন্যহস্তীৰ আক্ৰমণত পৰিয়ালটোৰ বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হয়৷ উল্লেখ্য যে ওদালগুৰি জিলাৰ ভাৰত- ভূটান সীমান্তৱৰ্তী অঞ্চলটোত নিতৌ বৃদ্ধি পাইছে আহিছে হাতী-মানুহৰ সংঘাত। কিন্তু সম্পূৰ্ণভাৱে হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ ব্যৰ্থ হৈ পৰিছে বিটিআৰ প্ৰশাসন তথা বিয়াগোম বিভাগটো। বাৰে-বাৰে বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় অহা পিছতো গা-লৰা নাই চৰকাৰ তথা বন-বিভাগৰ কুম্ভকৰ্ণ নিদ্ৰাত বিটিআৰ প্ৰশাসন৷ বিগত সময়ত এই অঞ্চলত কেইবাজনো নিৰীহ লোকে প্ৰাণ হেৰুৱাৰ বিপৰীতে কেইবাটাও বন্যহস্তীৰ মৃত্যু হোৱাৰ উপৰি বহুতো পৰিয়াল গৃহহাৰা হৈ পৰে৷ স্থানীয় যুৱনেতা তথা পৰিৱেশ কৰ্মী ৰৱীন গোৱালাই মৃতকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে হাতী মানুহৰ সংঘাতৰ স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাৱী জনাইছে ৷

Leave A Reply