অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে এক ভাললগা খবৰ।(Women’s Cricket World Cup)গুৱাহাটীত অনুষ্ঠিত হ’ব মহিলা বিশ্বকাপৰ খেল। এই কথা প্ৰকাশ কৰিছে আইচিচিয়ে। আইচিচিয়ে লগতে ঘোষণা কৰিছে মহিলা বিশ্বকাপৰ খেলৰ স্থান আৰু দিন। আইচিচিয়ে প্ৰকাশ কৰা মতে মহিলা এদিনীয়া বিশ্বকাপৰ ত্ৰয়োদশ সংস্কৰণ ৩০ ছেপ্টেম্বৰৰ পৰা ২ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাৰ আঠটা দলৰ মাজত অনুষ্ঠিত হ’ব ৷ ইয়াৰ সকলো খেল ভাৰত আৰু শ্ৰীলংকাৰ পাঁচটা স্থানত অনুষ্ঠিত হ’ব ৷ গুৱাহাটীতো অনুষ্ঠিত হ’ব মহিলা এদিনীয়া বিশ্বকাপৰ খেল ৷
আই চি চিৰ এক বিবৃতি অনুসৰি বিশ্বকাপৰ স্থান হ’ব এম চিন্নাস্বামী ষ্টেডিয়াম (বেংগালুৰু), অসম ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়াম (গুৱাহাটী), হোলকাৰ ষ্টেডিয়াম (ইন্দোৰ), এ চি এ-ভি ডি চি এ ষ্টেডিয়াম (বিশাখাপট্টনম) আৰু আৰ প্ৰেমদাছা ষ্টেডিয়াম (কলম্বো) ৷ ১২ বছৰৰ পাছত ক্ৰিকেটপ্ৰেমী দেশ অৰ্থাৎ ভাৰতত অনুষ্ঠিত হ’বলগীয়া মহিলা ক্ৰিকেট বিশ্বকাপৰ আৰম্ভণি অহা ৩০ ছেপ্টেম্বৰত বাংগালুৰুত ভাৰতৰ সৈতে এখন ব্লকবাষ্টাৰ মেচৰে হ’ব ৷আই চি চিয়ে এইবুলি প্ৰকাশ কৰিছে , “২৯ অক্টোবৰত গুৱাহাটী বা কলম্বোত প্ৰথমখন ছেমি ফাইনেল অনুষ্ঠিত হ’ব, আনহাতে দ্বিতীয়খন ছেমি ফাইনেল পিছদিনা ৩০ অক্টোবৰত বেংগালুৰুত অনুষ্ঠিত হ’ব ৷ ২ নৱেম্বৰ দেওবাৰে বেংগালুৰু বা কলম্বোত অনুষ্ঠিত হ’ব ২০২৫ চনৰ মহিলা এদিনীয়া বিশ্বকাপৰ ফাইনেল ৷”
উল্লেখ্য মহিলা বিশ্বকাপত অংশগ্ৰহণ কৰা আঠটা দল হ’ল ভাৰত, অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, নিউজীলেণ্ড, শ্ৰীলংকা, বাংলাদেশ আৰু পাকিস্তান ৷আই চি চিৰ অধ্যক্ষ জয় শ্বাহে কয়, “ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডে অনাগত মাহত আয়োজন কৰিবলগীয়া বিশ্বব্যাপী মহিলা প্ৰতিযোগিতা দুখন সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ ঘোষণা কৰিবলৈ পাই আমি উৎফুল্লিত হৈছো ৷ শেহতীয়া বছৰবোৰত অনুৰাগীসকলে মহিলাৰ খেলখনৰ প্ৰতি যথেষ্ট সমৰ্থন দেখুৱাইছে আৰু মই নিশ্চিত যে এতিয়া যেতিয়া তেওঁলোকৰ গুৰুত্বপূৰ্ণ তাৰিখ আৰু স্থান আছে, গতিকে তেওঁলোকে ইয়াৰ প্ৰতি নিজৰ সমৰ্থন দিব ৷ মহিলা ক্ৰিকেট আমাৰ দৃষ্টিভংগীৰ আগশাৰী আৰু আমি বিশ্বাস কৰোঁ যে এই দুখন আগন্তুক প্ৰতিযোগিতাই শেহতীয়া বছৰবোৰত আমি গঢ়ি তোলা অবিশ্বাস্য গতি বজাই ৰখাই নহয়, ইয়াক আৰু অধিক উচ্চতালৈ লৈ যাব ৷”